ETV Bharat / state

Jal Jeevan Mission:মুকলি নৌহওঁতেই ফাটিল জল জীৱন মিছনৰ পানীৰ পাইপ - Jal Jeevan Mission scam

জল জীৱন আঁচনিৰ নামত জোনাইত দুৰ্নীতিৰ অভিযোগ ৷ নিম্নমানৰ পাইপ ব্যৱহাৰৰ ফলত নষ্ট হৈছে খোৱাপানী ৷ পাইপ ফুটি পানী ওলোৱাৰ ফলত বাট-পথো বোকাময় হৈছে (Jal Jeevan Mission scam) ৷

Jal Jeevan Mission
Jal Jeevan Mission
author img

By

Published : Apr 30, 2023, 1:01 PM IST

জল জীৱন মিছন আঁচনি

জোনাই ৩০ এপ্ৰিল: চৰকাৰে গ্ৰামাঞ্চলত ঘৰে ঘৰে নিতৌ ন্যূনতম ৫৫ লিটাৰ বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ বাবে আৰম্ভ কৰা জল জীৱন মিছন আঁচনি এতিয়া ধোঁৱা চাঙত ৷ ৰাজ্য়ৰ আন জিলাৰ লগতে ধেমাজিতো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত বিভিন্ন ঠাইত কোটি টকীয়া জল জীৱন মিছন ৰূপায়ণ কৰা হৈছে যদিও ৰাইজে আজি পৰ্যন্ত লাভ কৰা নাই পানী ৷ বিসংগতিপূৰ্ণ কামেৰে সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰে মিলি আঁচনিৰ নামত লুন্ঠনৰাজ চলোৱা বাবে ৰাইজে পানী নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে (Allegation of scam in Jal Jeevan Mission) ৷

জোনাইৰ কেইবাখনো কোটি টকীয়া পানী যোগান আঁচনিৰ দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব। আঁচনিসমূহ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ আগতেই পানীৰ নলা ফাঁটি যধে মধে পানী নিগৰিছে । তদুপৰি আন কিছু আঁচনি মুকলি কৰাৰ পিচত কেইবামাহ ধৰি দৈনিক পানী যোগান ধৰাৰ পিচতেই বন্ধ হৈ পৰিছে । জনতাক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰে কোটি কোটি টকা ব্যয় সাপেক্ষে চৰকাৰে নিৰ্মাণ কৰা জোনাইৰ নামনি বিজয়পুৰ পানী যোগান আঁচনি আৰু ১নং মূৰ্কংচেলেক পানী যোগান আঁচনি দুখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ আগতেই এতিয়া প্ৰহসণত পৰিণত হৈছে ।

উত্থাপি অভিযোগ অনুসৰি আঁচনি দুখনৰ নামত ঠিকাদাৰৰ লগতে বিভাগীয় অভিযন্তাই নিজৰ পকেট গৰম কৰিছে । কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পানী যোগান আঁচনিসমূহ অতি নিম্ন মানৰ সামগ্ৰী তথা সজুঁলিৰে নিৰ্মাণ কৰাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বেই ঘৰৰ পৰিৱৰ্তেই ভৰি পৰিছে পথ । ইপিনে,তৰাজান পানীযোগান আঁচনিখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিচত কিছুদিন ধৰি দৈনিক পানী যোগান ধৰিছিল যদিও বিগত কেইবামাহ ধৰি পানী যোগান বন্ধ হোৱাত পৰিণত হৈছে এৰাবাৰীলৈ ।

জোনাইৰ ৰাইজৰ অভিযোগ মতে, অঞ্চলটোৰ ঠায়ে ঠায়ে ফুটা পাইপেৰে মাটি তলৰ পৰা অনৰ্গল পানী বাহিৰ হৈ ৰাস্তা পদূলিত জমা হৈ আহিছে (Drinking water scarcity in Jonai) ৷ কিন্তু এই বিষয়ে সংশ্লিষ্ট বিভাগক অৱগত কৰি অহাৰ পিচতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:Road accident in Dhemaji: ধেমাজিৰ চিৰিপানীত ভয়ংকৰ পথ দুঘটনাত নিহত দুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.