ETV Bharat / state

জোনাইত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিশেষ সভা

author img

By

Published : Sep 6, 2022, 9:42 PM IST

নৱেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ (All Assam Sonowal Kasari student union) জোনাই মহকুমা আৰু ডেকাপাম আঞ্চলিক সমিতিৰ অধিৱেশন ৷ ডেকাপাম উদয়পুৰ ৰাজহুৱা ভৱনত এখন ৰাজহুৱা সভাত গঠন কৰা হয় অভ্যৰ্থনা সমিতি ৷

All Assam Sonowal Kasari student union
All Assam Sonowal Kasari student union

জোনাই, 6 ছেপ্টেম্বৰ : সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ জোনাই মহকুমা আৰু ডেকাপাম আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আজি ডেকাপাম উদয়পুৰ ৰাজহুৱা ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় (All Assam Sonowal Kasari student union)। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেঙে কয়, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই অসমৰ ভূমিপুত্ৰ সোণোৱাল কছাৰী সকলৰ অৰ্থনৈতিক, সাংস্কৃতিক, শৈক্ষিক দিশৰ উত্তৰণৰ লগতে ভূমিৰ অধিকাৰ প্ৰাপ্তিৰ বাবে নিৰলসভাৱে গণতান্ত্ৰিক আন্দোলন চলাই আহিছে (Sonowal Kasari tribe of Assam) ৷

জোনাইত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিশেষ সভা

জনগোষ্ঠীটোৰ একমাত্ৰ ছাত্র সংগঠন সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ সাংগঠনিক ভেটি শক্তিশালী, সৱল আৰু গতিশীল কৰি তোলাৰ লগতে ভৱিষ্যতৰ দিনৰ কাৰ্যপন্থা যুগুত কৰিবলৈ অধিৱেশন এখনৰ ভূমিকা অপৰিসীম বুলি তেওঁ ভাষণত কয় । অনুষ্ঠানত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু সোণোৱাল আৰু ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক চন্দন কছাৰীয়ে সোণোৱাল কছাৰী সকলৰ জ্বলন্ত সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই নিৰৱচিন্নভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে (Problems of Sonowal Kasari) ৷

লগতে জনগোষ্ঠীটোৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যত সকলোকে ঐক্যবদ্ধ আৰু দায়বদ্ধতাৰে আগবাঢ়ি আহিবলৈ আহ্বান জনাই নেতা দুজনে ।

সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ জোনাই মহকুমা সমিতি আৰু ডেকাপাম আঞ্চলিক সমিতিৰ আগন্তুক যৌথ অধিৱেশনখন ডেকাপাম উদয়পুৰত অনুষ্ঠিত কৰাৰ সপক্ষে বক্তব্য আগবঢ়াই প্ৰস্তাৱিত অধিৱেশনৰ সাফল্যমণ্ডিত কৰি তোলাৰ বাবে বিভিন্ন গঠনমূলক পৰামৰ্শ আগবঢ়ায় উপস্থিত কেইবাগৰাকীও নেতাই । সভাত ডেকাপাম উদয়পুৰ, নাহৰণি আৰু চেৰেণ সোণোৱাল গাঁৱৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদক সকলে আগন্তুক অধিৱেশনখন সকলো প্ৰকাৰৰ সফলতাৰ বাবে আগবাঢ়ি যাব বুলি বক্তব্যত কয় ।

ৰাজহুৱা সভাখনত অহা অক্টোবৰৰ শেষত অথবা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰিবলৈ লোৱা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ জোনাই মহকুমা আৰু ডেকাপাম আঞ্চলিক সমিতিৰ যৌথ অধিৱেশনৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয় । অহা ১০ ছেপ্টেম্বৰত নৱগঠিত অভ্যৰ্থনা সমিতিৰ প্ৰথমখন বৈঠক নাহৰণি ৰাজহুৱা ভৱনত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
লগতে পঢ়ক: আজমলৰ দৰদ কেৱল অনুপ্ৰৱেশকাৰীক লৈহে: জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.