ETV Bharat / state

AASKSU conference in Jonai: সোণোৱাল কছাৰী ছাত্র সন্থাৰ অধিৱেশনৰ সামৰণি

author img

By

Published : Oct 31, 2022, 11:00 PM IST

সোণোৱাল কছাৰী ছাত্র সন্থাৰ অধিৱেশনৰ সামৰণি(AASKSU conference in Jonai) ৷ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰ অনুষ্ঠান পৰিৱেশন ৷

AASKSU conference in Jonai
AASKSU conference in Jonai: বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি পৰিৱেশন

জোনাই,৩১অক্টোবৰ: সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ জোনাই মহকুমা সমিতিৰ পঞ্চম দ্বি-বাৰ্ষিক আৰু ডেকাপাম আঞ্চলিক সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশনখনিৰ কালি সামৰণি পৰে(All Assam Sonowal Kachari Student Union) । অধিৱেশনৰ দ্বিতীয় দিনৰ পুৱা ১০-৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোণোৱাল । দুপৰীয়া ১২ বজাত জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনৰ উদ্ধোধন কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক জীতেন সোণোৱাল(All Assam Sonowal Kachari Student Union conference) ।

দিনৰ ২-৩০ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাখনত সভাপতিত্ব কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তোলন সোণোৱালে । আদৰণি ভাষণ আগবঢ়ায় অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় শইকীয়াই । মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ(Sonwal Kachari Autonomous Council) মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে কয় যে স্বকীয় কলা-কৃষ্টি-সংস্কৃতি অটুট ৰাখিব পাৰিলেহে এটা জাতিৰ পৰিচয় শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰি বুলি উল্লেখ কৰি সকলোৱে একত্ৰিত প্ৰচেষ্টা হাতত ল'লে জাতিৰ ভৱিষ্যত সুৰক্ষিত হব বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ।

মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেঙে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনোৱাৰ লগতে সোণোৱাল কছাৰী অধ্যূষিত অঞ্চলৰ উন্নয়নৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ চৰকাৰলৈ দাবী উত্থাপন কৰে । অনুষ্ঠানটোৰ আঁত ধৰে চন্দন সোণোৱালে ৷ মুকলি সভাত সোণোৱাল-কছাৰী লগবিহু,বহুৱা,লেচেৰী, নেপালী নৃত্য, মিচিং কৃষ্টি দলে নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানৰ জীপাল কৰি তোলে । লগতে সাংস্কৃতিক অনুষ্ঠানত ত্ৰিদিপ গগৈ, পূৰণ প্ৰজ্ঞান সোনোৱাল আৰু ৰাখিস্মিতা গগৈয়ে গীত পৰিৱেশন কৰে ৷

সন্ধিয়াৰ ভাগত ন-পুৰণি সতীৰ্থ সন্মিলন অনুষ্ঠিত হয় । নিশা ৯ বজাত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ জোনাই মহকুমা সমিতিৰ আৰু ৯-৩০ বজাত ডেকাপাম আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয় । প্ৰতিনিধি সভাই ধৰ্মেন সোণোৱালক সভাপতি, লখিন্দ্ৰ সোণোৱালক সাধাৰণ সম্পাদক হিচাপে লৈ জোনাই মহকুমা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হয় । আনহাতে, টেপৰাম সোণোৱালক সভাপতি,সুশীল সোণোৱালক সাধাৰণ সম্পাদক হিচাপে লৈ ডেকাপাম আঞ্চলিক সমিতিখন গঠন কৰা হয় ।

বিশিষ্ট অতিথি হিচাপে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু সোণোৱাল, সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱাল, সন্মানীয় অতিথি হিচাপে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিশ্বজিৎ সোণোৱাল, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি সৌমৰাজ পুৰী, এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি লখেন বসুমতাৰী, ইউবিপিঅ'ৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, এমএমকেৰ জোনাই জিলা সমিতিৰ সম্পাদক সদানন্দ পেগু, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি পৰিক্ষীত সোণোৱাল, সাধাৰণ সম্পাদক চন্দন কছাৰীকে ধৰি কেইবাগৰাকী বিষয়ববীয়া, পঞ্চায়তৰ কেবাজনো জনপ্ৰতিনিধি নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ।

লগতে পঢ়ক: Kanker encounter: আৰক্ষীৰ গুলীত নিহত দুই নক্সালবাদী নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.