ধেমাজি, 28 ডিচেম্বৰ : সোমবাৰে সফল সামৰণি পৰে সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ ২৯ সংখ্যক শ্ৰীপাণি কেন্দ্ৰীয় অধিৱেশনৰ ৷ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধেমাজিৰ শ্ৰীপাণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছিল ছাত্ৰ সংগঠনটোৰ ২৯ সংখ্যক কেন্দ্ৰীয় অধিৱেশনখন ৷ এই অধিৱেশনতে ‘মালাপাচি’ আৰু ‘দুমজু চিয়া’ নামৰ দুখন মুখপত্ৰৰ লগতে ‘কপাহতলী’ নামৰ এখন গ্ৰন্থৰো শুভ উন্মোচন কৰা হয় ৷
‘দুমজু চিয়া’ গ্ৰন্থখন উন্মোচন কৰে বিজেপিৰ মুখপাত্ৰ অশ্বিনী পাইটে ৷ এই গ্ৰন্থখন ভৱিষ্যতে দেউৰী সমাজখনক এটা সৱল দিশত আগুৱাই নিয়াৰ লগতে জনগোষ্ঠীটোৰ বাবে এক আদৰ্শ হৈ ৰ’ব বুলি মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে ৷ উল্লেখ্য যে, অধিৱেশনৰ সোমবাৰৰ অন্তিম কাৰ্যসূচীত উপস্থিত থাকে সদৌ দেউৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতি ভাস্কৰ দেউৰী, দেউৰী জাতীয় পৰিষদৰ সভাপতি ৰাজু দেউৰী, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক উদয়ন কুমাৰ গগৈ, সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক ভুৱন দেউৰী, সদৌ দেউৰী মহিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী ৰঞ্জুমাই দেউৰী,সম্পাদিকা সংগীতা দেউৰী, ধেমাজি জিলা দেউৰী সাহিত্য সভাৰ সম্পাদক কমল দেউৰী, হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ হাজং ৷
লগতে পঢ়ক-দীৰ্ঘ বিৰতিৰ মূৰত ভাৰতীয় জাতীয় কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন ডাঃ তাৰাপ্ৰসাদ দাসৰ