ETV Bharat / state

DHS Exam Results: স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া যুৱ পৰিষদৰ

author img

By

Published : Apr 23, 2023, 11:00 AM IST

স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই ৷ ৱেটিং লিষ্ট প্ৰকাশৰ দাবী (AJYP Leader Reacts on DHS Assam Result 2023) ৷

DHS Assam Result 2023
স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া
স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ

ধেমাজি, 23 এপ্ৰিল: ঘোষণা কৰা হ'ল ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ ফলাফল ৷ ধেমাজিত স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই (AJYP Leader Reacts on DHS Assam Result 2023) ৷

তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে একাংশ মেধাসম্পন্ন পৰীক্ষাৰ্থীয়ে একাধিক পদত উত্তীৰ্ণ হৈছে ৷ এজন লোকেই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাৰিটা লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷ ইয়াৰোপৰি বহু মেধাসম্পন্নই ৰাজ্য চৰকাৰৰ অন্যান্য পৰীক্ষাতো উত্তীৰ্ণ হৈছে ৷ তদুপৰি ঠিকাভিতিকভাৱে চৰকাৰী চাকৰি কৰি থকা একাংশ লোকেও পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে ৷ সেয়ে এই ক্ষেত্ৰত এক লাখ নিযুক্তিৰ ক্ষেত্ৰত বিসংগতিয়ে দেখা দিব পাৰে (DHS Assam Result 2023) ৷

এফালে নিযুক্তি পালেও আনফালে বৃহৎ সংখ্যক পদ খালী হৈ থকাৰ সম্ভাৱনা প্ৰৱল হৈ পৰাৰ আশংকা কৰি চৰকাৰক এখন ৱেটিং লিষ্ট প্ৰকাশ কৰি উলিয়াবলৈ দাবী জনাইছে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে এক লাখ নিযুক্তি দিবৰ বাবে Assam Direct Recruitment বুলি বিগত ২০২২বৰ্ষত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰি ইতিমধ্যে ফলাফল ঘোষণা কৰিলে ৷ ইয়াৰ পিচতে স্বাস্থ্য বিভাগৰ আন এটা লিখিত পৰীক্ষা যোৱা বছৰৰ ডিচেম্বৰ আৰু 2023 বৰ্ষৰ ১২ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ৷ ইতিমধ্যে তৃতীয় বৰ্গৰ ফলাফল ঘোষণা কৰিছে সংশ্লিষ্ট বিভাগে ৷

কিন্তু আচৰিত কথা যে একাংশ অতি মেধাসম্পন্নই ৰাজ্য চৰকাৰৰ সকলো পৰীক্ষাতে উত্তীৰ্ণ হৈ সাধাৰণ মেধা অথবা চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে উপযুক্ত লোকসকলক চৰমভাৱে বঞ্চিত কৰাৰ বিষয়ে অভিযোগ উত্থাপন হৈছে ৷ প্ৰকাৰন্তৰে চতুৰ্থ বৰ্গৰ যোগ্যতা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগে বুলি দোহাই দি পৰী্ক্ষাৰ ফলাফলত উচ্চ কাট অফ নিৰ্ধাৰণ কৰি দিয়াৰ ফলস্বৰূপে উক্ত পৰীক্ষাতো উচ্চ ডিগ্ৰীধাৰী মেধাসম্পন্নই উত্তীৰ্ণ হৈছে ৷ কিন্তু চৰকাৰ এইক্ষেত্ৰত নাই কোনো সুনিৰ্দিষ্ট নিয়োগ নীতি ৷ ফলত এটা সময়ত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত চতুৰ্থ বৰ্গৰ পদ খালী হৈ থকাটোৱে প্ৰৱল হৈ পৰিছে । এনে অচলৱস্থাই দেখা দিব পাৰে চৰকাৰী কাৰ্যালয়ত বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: Underwater Hydrocarbon Pipeline: ব্ৰহ্মপুত্ৰৰ তলেৰে সম্পূৰ্ণ হ’ল এছিয়াৰ সৰ্ববৃহৎ হাইড্ৰ'কাৰ্বন পাইপলাইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.