ধেমাজি , ৯ আগষ্ট : বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰা হোজাইৰ বিধায়ক শিলাদিত্য দেৱে এইবাৰ স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে কটু মন্তব্য কৰি পুনৰ বিতৰ্কৰ মাজত সোমাই পৰে ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীক জেহাদী সজাবলৈ কৰা মন্তব্যক লৈ তীব্ৰ আলোড়ন সৃষ্টি কৰিছে বৌদ্ধিকমহলৰ লগতে দল-সংগঠন সচেতনমহলৰ মাজত ৷ ধেমাজিতো বিতৰ্কিত বিধায়কগৰাকীৰ বিৰুদ্ধে দেওবাৰে ধেমাজি সদৰ আৰক্ষী থানাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক দিপানজিত লাহন আৰু সদৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ত্ৰৈলোক্য তামুলীয়ে এজাহাৰ দাখিল কৰিছে ৷

ইপিনে বিতৰ্কিত বিধায়ক গৰাকীৰ বিৰুদ্ধে অচিৰেই আৰক্ষীক আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অন্যথা সংগঠনটোৱে আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়াই ৷
উল্লেখ্য যে, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত কটু মন্তব্য কৰি বিধায়ক গৰাকীয়ে কৈছিল যে, চৈয়দ আব্দুল মালিকে বৌদ্ধিক জেহাদ চলাইছিল ৷ এই ঘটনাই তোলপাৰ লগোৱাৰ পাচত ফেচবুকযোগে ক্ষমা বিচাৰি দায় সাৰিব খুজিছে বিধায়ক শিলাদিত্য দেৱে ৷
লগতে পঢ়ক : বিতৰ্কিত বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে গৰিয়া মৰিয়া জাতীয় পৰিষদৰ এজাহাৰ দাখিল