ETV Bharat / state

Assam Arunachal Border Conflict : জোনাইত অৰুণাচল আৰক্ষীৰ ন’ পাৰ্কিং ব’ৰ্ড; যুৱ-ছাত্ৰ পৰিষদৰ সকীয়নি - অৰুণাচল প্ৰদেশে গুগল মেপৰৰ জৰিয়তে আগ্ৰাসন

অসমৰ ভূমিত এইবাৰ অৰুণাচল আৰক্ষীৰ ন’ পাৰ্কিং ব’ৰ্ড (Arunachal Police notice board at Jonai)৷ গুগল মেপত অৰুণাচলৰ সীমা বৃদ্ধি কৰি জোনাইৰ 1.5 কিঃমিঃ পৰ্যন্ত দখল কৰাৰ পাছত অসমৰ ভূমিত অৰুণাচলৰ বেনাৰ-পোষ্টাৰ দেখি প্ৰতিবাদমুখৰ হৈ পৰিছে অসমৰ জাতীয় দল-সংগঠন ৷

Arunachal police notice board at Jonai
অৰুণাচল প্ৰদেশে অসমৰ ভূমি আগ্ৰাসনক লৈ প্ৰতিবাদমুখৰ ছাত্ৰ সংগঠন
author img

By

Published : Dec 26, 2022, 9:00 PM IST

অৰুণাচল প্ৰদেশে অসমৰ ভূমি আগ্ৰাসনক লৈ প্ৰতিবাদমুখৰ ছাত্ৰ সংগঠন

জোনাই, 26 ডিচেম্বৰ : অব্যাহত আছে অসমৰ লগত চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদ ৷ আন আন চুবুৰীয়া ৰাজ্যসমূহৰ লগতে অৰুণাচল প্ৰদেশেও অসমৰ ভূমি আগ্ৰাসন কৰাৰ চেষ্টা অব্যাহত ৰখাৰ অভিযোগ উত্থাপিত হৈছে ৷ শেহতীয়াকৈ অসম-অৰুণাচল সীমান্তৰ জোনাইত অৰুণাচল প্ৰদেশ প্ৰশাসনে আগ্ৰাসনৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ ভূখণ্ড ভুৱাকৈ জোনাইৰ প্ৰায় 1.5 কিঃমিটাৰলৈকে সম্প্ৰসাৰ কৰি গুগল মেপত অন্তৰ্ভূক্ত কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াকে লৈ অসমৰ জাতীয় সংগঠনে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছিল ৷ অসমৰ ভূমিত অৰুণাচল প্ৰদেশৰ সীমা অসমৰ ভূমি পৰ্যন্ত গুগল মেপত নিৰ্ধাৰণ কৰাৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আন এক আগ্ৰাসনে প্ৰতিবাদমুখৰ কৰি তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক (Asom Jatiyatabadi Yuba Chatra Parishad)৷

অসম-অৰুণাচল সীমা সমস্যাৰ(Assam Arunachal Pradesh Border conflict) ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ চৰকাৰে ইতিবাচক আলোচনা অব্যাহত ৰখাৰ সময়তে পুনৰ অসম-অৰুণাচল সীমান্ত জোনাইৰ মহকুমাৰ অন্তৰ্গত ৰুকচিনত অসমৰ ভূমিত অৰুণাচল প্ৰশাসনে যান-বাহনৰ নীতি-নিৰ্দেশনাৰ জাননী লগোৱা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই এই সন্দৰ্ভত অৰুণাচল প্ৰদেশ চৰকাৰক সকিয়নী প্ৰদান কৰি মন্তব্য প্ৰকাশ কৰিছে (Arunachal police notice board at Jonai)৷

জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে ধেমাজি জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰক জনায় যে, অৰুণাচল প্ৰদেশে গুগল মেপৰৰ জৰিয়তে আগ্ৰাসন কৰাৰ পাছত পুনৰ অসমৰ ভূমিত অৰুণাচল প্ৰদেশৰ বেনাৰ-প’ষ্টাৰ লগোৱা কাৰ্যক সহ্য নকৰে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে (Arunachal border entered Assam in Google map)৷ অসমৰ মাটিৰ এক ইঞ্চিও অৰুণাচল প্ৰদেশক এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি জাতীয় সংগঠনটোৰ নেতাগৰাকীয়ে কয় যে অসমৰ ভূমিৰ পৰা অৰুণাচল প্ৰদেশৰ বেনাৰ শীঘ্ৰেই আঁতৰ নকৰিলে সংঘাতৰ সৃষ্টি হ’ব ৷

অৰুণাচল প্ৰদেশ চৰকাৰক সকীয়নি প্ৰদান কৰি অতি শীঘ্ৰেই এনে কাৰ্য বন্ধ কৰাৰ দাবী জনায় জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৷ উল্লেখযোগ্য যে অসম-অৰুণাচল সীমান্তৰ জোনাইত আৰক্ষী চকীৰ নিচেই কাষতে অৰুণাচল প্ৰদেশৰ ন’ পাৰ্কিং ব’ৰ্ডখন বিগত এসপ্তাহ ধৰি লগাই থোৱাৰ পাছতো জোনাই প্ৰসাশনৰ লগতে অসম-আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই (Arunachal No parking board at Jonai) ৷ প্ৰশাসনৰ নীৰৱ ভূমিকাক লৈ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজেও সন্দেহ প্ৰকাশ কৰিছে যে এনেকৈয়ে অসমৰ ভূমি অৰুণাচল প্ৰদেশক প্ৰদান কৰি আহিছে অসম চৰকাৰে ৷

লগতে পঢ়ক: Deprived From PMAY : ডি ভোটাৰ হোৱাৰ বাবেই PMAY গৃহৰ পৰা বঞ্চিত এগৰাকী অসহায় মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.