ETV Bharat / state

ধেমাজি নগৰ সমিতিৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ - ধেমাজি সদৰ আঞ্চলিক সমিতি

ধেমাজি সাপ্তাহিক বজাৰত আৱৰ্জনা পেলোৱাক লৈ নগৰ সমিতিৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৷ জাৱৰসমুহ অন্য ঠাইলৈ স্থানান্তৰিত কৰিবলৈ ১৫ দিনৰ সময় সীমা বান্ধি দিয়ে ধেমাজি সদৰ আঞ্চলিক সমিতিয়ে ৷

AJYCP protest agains weekly market garbage at dhemaji
ধেমাজি নগৰ সমিতিৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ
author img

By

Published : Feb 29, 2020, 9:05 PM IST

ধেমাজি,29 ফেব্ৰুৱাৰী : ধেমাজি সদৰৰ সাপ্তাহিক বজাৰ স্থানত আৱৰ্জনা পেলোৱাক লৈ শনিবাৰে সাপ্তাহিক বজাৰ স্থানত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি সদৰ আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নগৰ সমিতি আৰু ধেমাজি প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে ধেমাজি নগৰ সমিতিৰ সভানেত্ৰী আৰু ৱাৰ্ড সদস্যৰ প্ৰতিমূৰ্তি দাহ কৰে ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি ধেমাজি নগৰৰ সমিতিৰ অধীনৰ সকলো স্থানৰ পেলনীয়া জাবৰ-জোথৰ পেলোৱাৰ ফলত সদৰৰ একমাত্ৰ সাপ্তাহিক বজাৰখন পুতিগন্ধময় কৰি তুলিছে ৷ ফলত বজাৰৰ অস্বাস্থ্যকৰ পৰিৱেশে নগৰবাসীৰ স্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷

ধেমাজি নগৰ সমিতিৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ

স্থানীয় ৰাইজ আৰু দল সংগঠনে বহুবাৰ সংশ্লিষ্ট বিভাগক অৱগত কৰিছে যদিও বৰ্তমানলৈ ধেমাজি জিলা প্ৰশাসন তথা নগৰ সমিতিয়ে জাৱৰসমুহ নিস্কাষণৰ ব্যৱস্থা কৰা নাই ৷ বৰঞ্চ ডাম্পিং জনৰ দৰে ব্যৱহাৰ কৰি আহিছে সপ্তাহত দুটা দিনত বহা সদৰৰ একমাত্ৰ সাপ্তাহিক বজাৰখন ৷ ইপিনে প্ৰতিবাদৰ জৰিয়তে এই জাৱৰসমূহ অন্য ঠাইলৈ স্থানান্তৰিত কৰিবলৈ ১৫ দিনৰ সময় সীমা বান্ধি দিয়ে ধেমাজি সদৰ আঞ্চলিক সমিতিৰ সভাপতি ত্ৰলোক্য তামুলীয়ে ৷ অন্যথা ১৬ দিনৰ দিনা ধেমাজি জিলা বন্ধ ঘোষণা কৰিব বুলিও সকীয়াই দিয়ে ত্ৰলোক্য তামুলীয়ে ৷

আৰু পঢ়ক : সুৰাৰ ৰাগিত অনুসূচিত জাতিক বেয়া মন্তব্য কৰি ক্ষমা খুজিলে শিক্ষকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.