ETV Bharat / state

AJYCP hold protest in Dhemaji:অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

author img

By

Published : Jun 23, 2023, 3:39 PM IST

এন বীৰেণ সিঙৰ চৰকাৰ ভংগ কৰি মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰাৰ দাবীত ধেমাজিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৷

AJYCP hold protest in dhemaji
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

জোনাই, ২৩ জুন : মণিপুৰৰ শান্তি-শৃংখলা ৰক্ষাৰ দাবীত ৰাজপথলৈ ওলাই আহিছে অসমৰ বিভিন্ন দল-সংগঠন ৷ বিশেষকৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদক এই সন্দৰ্ভত বিশেষ সক্ৰিয় ৰূপত দেখা গৈছে ৷ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বানত অসমৰ বিভিন্ন জিলাত মণিপুৰত শান্তি-শৃংখলা কামনা কৰি বহু দাবীৰে সৈতে জিলা সমিতি সমূহে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আছে ৷

শেহতীয়াকৈ মণিপুৰৰ শান্তি-শৃংখলা ৰক্ষাত চূড়ান্ত ভাৱে ব্যর্থ হোৱা এন বীৰেণ সিঙৰ চৰকাৰ ভংগ কৰি মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্ত্তন কৰাৰ দাবীত ধেমাজিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ধেমাজি জিলা সমিতিৰ উদ্যোগত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উল্লেখ্য যে অতি শেহতীয়াভাৱে মণিপুৰত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষত ইতিমধ্যে শ শ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে | মণিপুৰত চৰম ৰূপত মানব অধিকাৰ উলংঘন হৈ মণিপুৰ সম্প্ৰতি মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে | ৰাজনৈতিক মদতপুষ্ট সশস্ত্ৰ উগ্ৰপন্থীৰ সক্ৰিয়তাই পৰিস্থিতি অধিক জটিল কৰিছে ৰাজ্যখনত ৷

ইফালে মণিপুৰৰ এন বীৰেণ সিঙৰ চৰকাৰখন ৰাজ্যৰ শান্তি শৃংখলা ৰক্ষাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে | অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে চুবুৰীয়া মণিপুৰত হৈ থকা নৰমেধ যজ্ঞ আৰু এন বীৰেণ সিঙৰ চৰকাৰৰ ব্যৰ্থতাত চৰম উদ্বেগ প্ৰকাশ কৰিছে আৰু মণিপুৰৰ স্থায়ী শান্তি শৃংখলা ঘূৰাই অনাৰ স্বাৰ্থত মণিপুৰৰ এন বীৰেণ সিঙৰ চৰকাৰ ভংগ কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰি বৃহস্পতিবাৰে সমগ্ৰ অসমত প্ৰতিখন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰৰ প্ৰতিখন জিলা সমতিয়ে সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্ত আৰু মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰে |

লগতে পঢ়ক : AJYCP hold protest in Lakhimpur: লখিমপুৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.