ETV Bharat / state

AJYCP calls for protest against APDCL: বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ AJYCP ৰ - Too much Load Shedding in Assam

উৎকট গৰমত দিনে নিশাই দীৰ্ঘ সময়লৈকে বিদ্যুত কৰ্তনক কেন্দ্ৰ কৰি অতিষ্ঠ জনসাধাৰণ ৷ সাধাৰণ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ ধেমালি বিদ্যুৎ বিভাগৰ ৷ আন্দোলনৰ হুংকাৰ AJYPৰ ।

AJYCP calls for protest against electricity department
বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ AJYCP ৰ
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 4:06 PM IST

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ AJYCP ৰ

ধেমাজি,২ ছেপ্টেম্বৰ: এফালে উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য, আনফালে অত্যাধিক হাৰত বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল । সকলো ফালৰ পৰা জনসাধাৰণ জুৰুলা হোৱাৰ সময়তে বিগত কিছুদিন ধৰি বৃদ্ধি পাইছে বিদ্যুতৰ লুকাভাকু । যাৰ প্ৰৰিপ্ৰেক্ষিতত অতিষ্ঠ হৈ পৰিছে ৰাজ্যৰ জনতা ।

ইয়াৰ মাজতে APDCL ৰ অকপট স্বীকাৰোক্তি । অত্যাধিক লোজ শ্বেডিঙৰ কাৰণ বাখ্যা কৰিবলৈ গৈ APDCL য়ে কয় যে যোৱা কেইদিনমানৰ পৰা সমগ্ৰ দেশতে শক্তি উৎপাদনৰ হাৰ ব্যাপকভাবে হ্ৰাস পাইছে । APDCL ৰ দৰে দেশৰ শক্তি বিতৰণ কোম্পানী বোৰে শক্তি উৎপাদনকাৰী প্ৰতিষ্ঠান সমূহৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবলৈ সহায় লোৱা Indian Energy Exchange প্লেটফৰ্মত ক্ৰয় কৰিবলৈ বিদ্যুৎ নোহোৱা হৈ পৰিছে ।

সেয়েহে APDCL ৰ মুঠ চাহিদাৰ তুলনাত অতি কম পৰিমাণৰ বিদ্যুৎ তেওঁলোকে ক্ৰয় কৰিবলৈ সক্ষম হৈছে । সেয়েহে ক্ৰয় কৰিবলৈ সক্ষম হোৱা কম পৰিমাণৰ বিদ্যুতৰ দ্বাৰাই লোড শ্বেডিং কৰি সকলো অঞ্চলতে বিদ্যুৎ বিতৰণৰ চেষ্টা কৰি থকা হৈছে আৰু এই অৱস্থা আগন্তুক কিছু দিনলৈ বাহাল থাকিব বুলি সদৰি কৰিয়েই যেন দায়িত্ব সামৰিছে বিভাগে ।

বিদ্যুতৰ সঘন লুকাভাকু আৰু দীৰ্ঘ সময়লৈকে বিদ্যুৎ কৰ্তন কৰাক লৈ অতিষ্ঠ হৈছে ধেমাজিৰ জনসাধাৰণ ৷ সন্ধিয়া হলেই অন্ধকাৰত ডুব যায় ধেমাজি ৷ বিগত কেইদিনমানৰ পৰা ধেমাজি বিদ্যুৎ উপ সংমণ্ডলৰ অধীনৰ ধেমাজি নগৰকে ধৰি উপকণ্ঠ অঞ্চলসমূহত দিনে নিশাই ঘন্টা ঘন্টা ধৰি বিদ্যুৎ কৰ্তন হৈ থাকে ৷ যাৰ ফলত উৎকট গৰমত দিনৰ ভাগত বিদ্যালয়ত কন কন শিক্ষাৰ্থীসকলে অভাববনীয় সমস্যা সন্মুখীন হ'বলগীয়া হৈছে ৷

সেইদৰে সাধাৰণ পৰিয়ালৰ ঘৰত সন্ধিয়া ছাত্ৰছাত্ৰীয়ে অধ্যয়ন কৰা সময়তো কেইবা ঘন্টা ধৰি বিদ্যুত নথকা ফলত দুৰ্ভোগ ভুগিবলগীযা হৈছে ৷ এনেক্ষেত্ৰত ধাৰাবাহিকভাৱে অব্যাহত থকা বিদ্যুৎ বিভাগৰ এনে কাণ্ডজ্ঞান শূণ্যতাক লৈ ক্ষুব্ধ হৈ পৰিছে ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদ ৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই বিদ্যুতৰ লুকাভাকু সমস্যা সমাধান নকৰিলে বিভাগটোৰ চৰম অকৰ্মণ্যতা আৰু চূড়ান্ত গাফিলতিৰ বাবে ৰাজপথত আন্দোলন কৰা হুংকাৰ দিয়ে ।

লগতে পঢ়ক: Erosion of Dikhari river: দিখাৰী নদীৰ খহনীয়া পৰিদৰ্শন ভূবন পেগুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.