ETV Bharat / state

ধেমাজীত শক্তিশালী হৈছে অসম জাতীয় পৰিষদৰ ভেটি - ধেমাজি ঐতিহাসিক ঘুগুহা দ’লত

ধেমাজি ঐতিহাসিক ঘুগুহা দ’লত মুৰ দোৱাই আৰ্শীবাদ লৈ অসম জাতীয় পৰিষদ দলৰো অভিযান আৰম্ভ ৷

AJP dhamaji 3000 member joining
ধেমাজীত AJP ত 3000 গৰাকী লোকৰ যোগদান
author img

By

Published : Sep 27, 2020, 7:59 PM IST

ধেমাজি,27ছেপ্তেম্বৰঃ ধেমাজিত AJP ৰ প্ৰথমখন সভাতে দেওবাৰে প্ৰায় ৩০০০ গৰাকী লোকৰ যোগদান ৷ ধেমাজিৰ ঐতিহাসিক ঘুগুহা দ'লত দেওবাৰে অসম জাতীয় পৰিষদ ধেমাজি জিলা আহ্বায়ক সমিতিৰ আনুষ্ঠানিক জন্ম লাভ কৰে ৷ জাতীয় পৰিষদৰ সদ্য আছু ত্যাগ কৰা নেতা চিত্তৰঞ্জন বসুমতাৰীসহ প্ৰায় সহস্ৰাধিক লোকে গায়ন বায়ন, ঢোল খোলেৰে সমদল কৰি আহি ঘুগুহা দ’লত সেৱা লয় ৷

ধেমাজীত AJP ত 3000 গৰাকী লোকৰ যোগদান

ঐতিসাহিক প্ৰসিদ্ধ ঘুগুহা দলৰ বাকৰিত অনুষ্ঠিত হোৱা প্ৰথমখন সভাত অসম জাতীয় পৰিষদ নামৰ নতুন ৰাজনৈতিক দলটোত যোগদান কৰে বিভিন্ন দল সংগঠন আৰু ৰাজনৈতিক দলৰ ৩০০০ নেতা কৰ্মীয়ে ৷ প্ৰথমখন সভাৰ পিছতে গাঁৱে গাঁৱে পঞ্চায়তে পঞ্চায়তেও দলটোৱে যোগদান কাৰ্যসূচী চলাব বুলি জানিবলৈ দিয়ে ৷ কা, নদী বান্ধ, বান-গৰাখহনীয়া আদি সমস্যাক লৈ সদা চিন্তিত আৰু এই সমস্যা সমাধানৰ স্বাৰ্থতে ৰাইজে নতুন দলক আকোঁৱালি লৈছে বুলি স্পষ্ট কৰি দিছে এ. জে. পি. ৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে ৷

AJP dhamaji 3000 member joining
ধেমাজীত AJP ত 3000 গৰাকী লোকৰ যোগদান

লগতে পঢ়কঃ কৃষক বিধেয়কত সন্মতি প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.