ETV Bharat / state

Agriculture Information Centre inaugurated: ধেমাজিত কৃষি তথ্য কেন্দ্ৰ কেন্দ্ৰ উদ্বোধন

গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ অধীনত জৰিগুৰীত উদ্বোধন কৰা হয় কৃষি তথ্য কেন্দ্ৰ(Agriculture Information Centre inaugurated in Dhemaji) । লগতে উন্মোচন কৰা হয় কৃষি বাৰ্তা আৰু প্ৰাচীৰ পত্ৰিকা যুগদ্ৰষ্টা । উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

author img

By

Published : Mar 10, 2023, 8:17 PM IST

Agriculture Information Centre inaugurated in Dhemaji
ধেমাজিত কৃষি তথ্য কেন্দ্ৰ কেন্দ্ৰ উদ্বোধন

জোনাই, ১০ মাৰ্চ: ধেমাজি জিলাৰ অকাজান গাঁও পঞ্চায়তৰ জৰিগুৰীত অসম কৃষি বিশ্ববিদ্যালয়ৰ(Assam Agriculture University) উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজিৰ সহযোগত আজি কৃষি তথ্য কেন্দ্ৰ উদ্বোধন কৰা হয়(Agriculture Information Centre inaugurated in Dhemaji) । পুৱা ১১:৩০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ ধেমাজি গোটৰ পৰ্যবেক্ষক নীলাক্ষী ভূঞাই ।

ইয়াৰ পাছতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ আহ্বায়ক ড৹ কৌশিক দাসে কয় যে অসম কৃষি বিশ্ববিদ্যালয়ৰ ৩৬ গৰাকী ছাত্র-ছাত্ৰীয়ে গ্ৰাম্য কৃষি কৰ্ম আঁচনিৰ(Rural Agriculture Work Scheme) অধীনত ধেমাজি জিলাৰ বিভিন্ন গ্ৰাম্যাঞ্চলত ছমাহ ধৰি কৃষক আৰু কৃষিক্ষেত্ৰৰ সৈতে জড়িত হৈ ব্যৱহাৰিক অভিজ্ঞতা বুটলিবলৈ চেষ্টা চলাই যাব বুলি বক্তব্য আগবঢ়ায় ।

অনুষ্ঠানত আলোচনী কৃষি বাৰ্তা উন্মোচন(Krishi Barta Magazine Launched in Dhemaji) কৰে অসম কৃষি বিশ্ববিদ্যালয়ে অধ্যাপিকা ড৹ অপৰাজিতা বৰা, অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজিৰ কেইবাগৰাকী অধ্যাপক, অধ্যাপিকাই । ইয়াৰ পাছতে প্ৰাচীৰ পত্ৰিকা যুগদ্ৰষ্টা উন্মোচন কৰে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ(Silapathar Science College) অধ্যক্ষ ড৹ ৰঞ্জিত শইকীয়াই । অনুষ্ঠানত কৃষি তথ্য কেন্দ্ৰ উদ্ধোধন কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক(Assam Agricultural University Professor) ড৹ কুলেন্দ্ৰনাথ দাসে কয় গ্ৰাম্যাঞ্চলৰ কৃষি ক্ষেত্ৰৰ উন্নয়নত কৃষি তথ্য কেন্দ্ৰটোৱে অপৰিসীম ভূমিকা গ্ৰহণ কৰিব ।

লগতে তেওঁ ধেমাজিৰ দৰে কৃষিনিৰ্ভৰ জিলাখনত কৃষকৰ আয় দুগুণ কৰিবলৈ হ‘লে উন্নত আৰু নতুন প্ৰযুক্তি প্ৰয়োগেৰে কৃষি কৰ্ম কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় । অঞ্চলটোৰ কেবাগৰাকী সফল কৃষকে কৃষিকৰ্মৰ ওপৰত বক্তব্য ৰখাৰ লগতে ছাত্র-ছাত্ৰীৰ একাষাৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী অংকিতা মাধৱী মৰাণে বক্তব্য আগবঢ়ায় । অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাজশ্ৰী কৃষ্ণা ভৰদ্বাজে আঁতধৰা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী দেৱযানী বৰাই ।

লগতে পঢ়ক: JMCH incident : JMCH কাণ্ডক লৈ প্ৰতিক্ৰিয়া, মুখ্যমন্ত্ৰীক হস্তক্ষেপ আহ্বান স্থানীয় সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.