ETV Bharat / state

ধেমাজিত শিক্ষিত যুৱকৰ কৃষি বিপ্লৱ - Agricultural Revolution

Agricultural revolution in Dhemaji: ধেমাজিৰ মাছখোৱাত কৃষি বিপ্লৱ এগৰাকী অভাৱী পৰিয়ালৰ শিক্ষিত যুৱকৰ ৷ চৰকাৰী অনুষ্ঠানৰ পৰিত্যক্ত ভূমিত জৈৱিক পদ্ধতিৰে পাচলি খেতি কৰি অসমীয়াগিৰি প্ৰদৰ্শন ৷ চালে চকুৰোৱা শিক্ষিত যুৱক প্ৰণৱ দত্তৰ বাৰীত এতিয়া লমালমে লাগিছে বিধে বিধে পাচলি ।

Agricultural Revolution of Educated Youth in Dhemaji
ধেমাজিত শিক্ষিত যুৱকৰ কৃষি বিপ্লৱ
author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 2:41 PM IST

ধেমাজিত শিক্ষিত যুৱকৰ কৃষি বিপ্লৱ

ধেমাজি,৯ জানুৱাৰী : মন থাকিলে ছন বাকৰি মাটিতেই ধন ৷ এই আপ্ত বাক্যশাৰী আখৰে আখৰে প্ৰতিপন্ন কৰিছে ধেমাজি মাছখোৱা ধিপগুৰি গাঁৱৰ এটা অভাৱী পৰিয়ালৰ শিক্ষিত যুৱক প্ৰণৱ দত্তই ৷ চালে চকুৰোৱা প্ৰণৱ দত্তৰ বাৰীত এতিয়া লমালমে লাগিছে সৰু-ডাঙৰ বেঙেনা, ৰাজমাহ, বিলাহী ৷ কবি, লাই, ব্ৰ'কলি, ফুলকবি, আলু , ফেন্সবিন, লাউ, কেইজোপামান ভোটজলকীয়া আদি ৷

উৎপাদিত পাচলিসমূহ মাছখোৱা বজাৰৰ উপৰিও ধেমাজি বজাৰত বিক্ৰী কৰে ৷ অৱশ্যে বাহিৰৰ জিলাৰ পৰা অহা যথেষ্ট সংখ্যক পাচলিয়ে বজাৰ দখল কৰা বাবে জৈৱিক পদ্ধতিৰে খেতি কৰা থলুৱা কৃষকসকলে প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া হয় ৷ তৎস্বত্বেও লক্ষ্যৰ পৰা তিলমানো বিচলিত হোৱা নাই যুৱ কৃষকগৰাকীয়ে ৷চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ পৰা দুই এপদ সামগ্ৰী পাইছে যদিও এতিয়াও মাটি চহ কৰাৰ বাবে এখন পাৱাৰটিলা ল'ব পৰা নাই ৷

ইফালে ঘৰৰ নিজা খেতি মাটি নথকা প্ৰণৱ দত্তই খেতি মাটি বিচাৰি হাহাকাৰ কৰিছিল ৷ এনে সময়তে গাঁৱৰ হাইস্কুলখন একত্ৰীকৰণ কৰাৰ পৰিপ্ৰেক্ষিততে বিদ্যালয়খন বন্ধ হৈ যায় ৷ ফলস্বৰূপে বিদ্যালয়ৰ নামত থকা ৯ বিঘা মাটি হাবি-বননিয়ে ভৰি পৰিত্যক্ত হৈ আছিল ৷ বিদ্যালয়ৰ এই মাটিখনিতে খেতি কৰা কথা চিন্তা কৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকক আৱেদন কৰিছিল ৷ বিদ্যালয়ৰ কৰ্তৃপক্ষই খেতি কৰিবলৈ অনুমতি দিয়াৰ পিছতে পিছলৈ আৰু তেওঁ ঘুৰি চোৱা নাই ৷

পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈকে বাৰীত ব্যস্ত থাকে ৷ মাজে মাজে ঘৰৰ ৰোগীয়া দেউতাকে সহায় কৰে । কেতিয়াবা নিশা টৰ্চৰ পোহৰতো বাৰীত কাম কৰে যুৱকজনে ৷ পৰিত্যক্ত বাৰীখনত দিনে-নিশাই নিজেই কোৰ-কটাৰি মাৰি সেউজীয়া কৰি তুলিলে ৷ এতিয়া বাৰীত বিধে বিধে পাচলি ৷ পাচলিত গৰু গোবৰ, ছাগলী গোবৰ, খলিহৈ প্ৰয়োগ কৰি আহিছে ৷ সেয়ে তেওঁ পাচলি দেখাত সুন্দৰ নহলেও অতিশয় সোৱাদযুক্ত আৰু স্বাস্থ্যৰ বাবে হানিকাৰক নহয় ৷

লগতে পঢ়ক: নিয়তিৰ পৰিহাস ! বাটেৰে গৈ থাকোতে বৰ মৌৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.