ETV Bharat / state

Agricultural revolution in Jonai: জোনাইত এজন যুৱকৰ কৃষি বিপ্লৱ

চিলে নৈৰ পাৰত এগৰাকী শিক্ষিত যুৱকৰ সেউজ বিপ্লৱ(Agricultural revolution in Jonai) । তিলৰ খেতিৰে সেউজীয়া কৰিছে চিলে নৈৰ পাৰ । চৰকাৰী চাকৰিলৈ ৰৈ নাথাকি বিনেশ পাতিৰে কৃষি কৰ্মৰে বুলিছে স্বাৱলম্বিতাৰ বাট ।

agricultural revolution of a young man in jonai
Agricultural revolution in Jonai: জোনাইত এজন যুৱকৰ কৃষি বিপ্লৱ
author img

By

Published : Oct 14, 2022, 5:13 PM IST

জোনাই ১৪ অক্টোবৰ: "মন কৰিলে ছন, বাকৰি মাটিতে ধন" বুলি অসমীয়াত আছে এষাৰ কথা । এই কথাষাৰকে সাৰোগত কৰি জোনাইৰ এজন শিক্ষিত নিৱনুৱা যুৱকে আৰম্ভ কৰিছে কৃষি বিপ্লব(Agricultural revolution in Jonai) । যি সময়ত কর্মসংস্থাপনৰ সন্ধানত অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে বহিঃৰাজ্যলৈ ঢাপলি মেলিছে অথবা এটা চৰকাৰী চাকৰি বিছাৰি হাহাকাৰ কৰি জীৱন-জীৱিকাৰ সন্ধানত হতাশ হৈ পৰাৰ সময়তে জোনাইৰ এজন শিক্ষিত তথা যুৱ কৃষকে কৃষি কৰ্ম আৰু উৎপাদনমুখী চিন্তাৰে বহু নিবনুৱাক দেখুৱাইছে স্বাৱলম্বী হোৱাৰ এক সোণোৱালী পথ(Youth agricultural work in Jonai) ।

জোনাইত এজন যুৱকৰ কৃষি বিপ্লৱ

চৰকাৰী চাকৰি অথবা চৰকাৰী অনুদানৰ প্ৰতি পিঠি দি জোনাইৰ পুৰণা জেলম গাঁৱৰ বিনেশ পাতিৰ নামৰ এজন শিক্ষিত নিৱনুৱা যুৱকে গাঁঠিৰ ধন ভাঙি অসম অৰুণাচল সীমান্তৰ চিলে নৈৰ পাৰত চহ কৰি তিল, মাকৈ, ৰহৰ দাইল, শিমলু আলু, মাটি মাহ, সৰিয়হৰ আদি খেতি কৰি সক্ষম হৈছে নিজকে স্বাৱলম্বী হ'বলৈ । উদ্যমী যুৱক বিনেশ পাতিৰে পুৰণা জেলম গাঁৱৰ অসম-অৰুণাচল সীমান্তৰ চিলে নৈৰ পাৰত প্ৰায় ৩০-৩২ বিঘা ভূমিত তিল খেতি কৰি নিৰৱে কৰিছে এক সেউজ বিপ্লৱৰ সূচনা ।

কেৱল তিল খেতিয়ে নহয়, বিনেশ পাতিৰে মাকৈ, সৰিয়হৰ, দালি, আলু, মাটিমাহ আদি খেতি কৰি প্ৰতি বছৰে লাখ লাখ টকা উপাৰ্জন কৰি সক্ষম হৈছে নিজকে স্বাৱলম্বী কৰিবলৈ । অৱশ্যে এই বছৰ বতৰৰ বিজুতিত বহু বিঘা তিল খেতি নষ্ট হোৱা বুলি জনাই বিনেশ পাতিৰে । ইফালে বিনেশ পাতিৰে নিজে ৩২ বিঘা তিল খেতি কৰাৰ উপৰিও গাঁওখনৰে কেইবাগৰাকীও নিৱনুৱা যুৱকৰ সৈতে মিলি কাষতে ৬০-৭০ বিঘা তিল খেতি কৰা হৈছে বুলি জানিব দিয়ে । ইফালে অসমৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ পিছত দৌৰি থকাৰ সময়তে জোনাইৰ উদ্যমী যুৱক বিনেশ পাতিৰৰ এনে কৰ্ম সংস্কৃতি সচাকৈয়ে নিদর্শন ।

লগতে পঢ়ক: ডিমা হাছাওত ১৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.