ধেমাজি, 30 নৱেম্বৰ : ‘‘কংগ্ৰেছৰ লগত এআইইউডিএফৰ বুজা পৰা মানে অসমীয়া সমাজক বিভক্ত কৰা ৷ সেয়ে কংগ্ৰেছ আৰু এআইইউডিএফক নিধন কৰিব লাগিব’’ ৷ এই মন্তব্য অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাৰ ৷ অগপৰ ধেমাজি আৰু জোনাই বিধান পৰিষদৰ উদ্যোগত দেওবাৰে জিলা গ্ৰামোন্নয়ন অভিকৰণৰ চৌহদত অনুষ্ঠিত হয় জাতীয় ঐক্য সমাৰোহ ৷ এই সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই কংগ্ৰেছ আৰু এআইইউডিএফক জৰাসন্ধৰ লগত তুলনা কৰি এই কথা উল্লেখ কৰে ৷
অতুল বৰাই লগতে পোৱা নোপোৱাৰ স্বাৰ্থ আৰু বেদনা পৰিহাৰ কৰি জাতীয় স্বাৰ্থত তথা খিলঞ্জীয়াৰ স্বাৰ্থত সকলোকে ঐক্যবদ্ধভাৱে আগবাঢ়িবলৈ আহ্বান জনায় ৷ জাতীয় ঐক্য সমাৰোহত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, অগপৰ কেন্দ্ৰীয় নেতা ড৹ পৰমানন্দ সোণোৱালৰ উপৰি বিভিন্ন জিলাৰ প্ৰায় দুই সহস্ৰাধিক লোক উপস্থিত থাকে ৷
আনহাতে অতুল বৰাৰ ভাষণ সমাপ্ত হোৱাৰ পাচতেই তৃণমূল কৰ্মীসকলে মঞ্চৰ সন্মুখলৈ আহি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ তৃণমূল কৰ্মীসকলে কেন্দ্ৰীয় নেতৃবৃন্দক ধেমাজিত এইবাৰ হাতী লাগিবই বুলি দাবী জনায় ৷ অন্যথা কৰ্মীসকলে দলত্যাগ কৰাৰ হুংকাৰ দিয়ে ৷ অৱশেষত কেন্দ্ৰীয় নেতৃত্বই আশ্বাস দিয়াতহে শান্ত হয় কৰ্মীসকল ৷
লগতে পঢ়ক : অসমে লাভ কৰিলে শ্ৰেষ্ঠ মৎস্য উৎপাদনকাৰী ৰাজ্যৰ সন্মান