ধেমাজি,২৮ মাৰ্চ: ধেমাজিবাসীৰ বাবে এটা ভাল খবৰ । এতিয়াৰে পৰা ধেমাজি জনসাধাৰণে জৰুৰী স্বাস্থ্য সেৱাৰ বাবে লাভ কৰিব অত্যাধুনিক এম্বুলেন্স সেৱা ৷ ধেমাজিবাসীৰ বাবে মুকলি কৰা হ'ল Advance Life support Ambulance ।
সংকটজনক অথবা জৰুৰীকালীন অৱস্থাত চিকিৎসালয়লৈ নিওঁতে এগৰাকীক ৰোগীৰ বাবে চিকিৎসাৰ সা-সুবিধা উপলব্ধ Advance d Life support এম্বুলেন্স সেৱা সোমবাৰে ধেমাজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ধেমাজি জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী ,অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱা আৰু স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিতিত মুকলি কৰা হয় এম্বুলেঞ্চখন ।
Power grid corporation of India limited নামৰ সংস্থাটোৱে CSR আচঁনিৰ অধীনত ধেমাজি স্বাস্থ্য বিভাগৰ হাতত অৰ্পণ কৰে অত্যাধুনিক এম্বুলেঞ্চখন ৷ ইপিনে এই এম্বুলেন্সখনৰ জৰিয়তে ধেমাজি জিলাৰ বহুতো জৰুৰীকালীন অৱস্থাত চিকিৎসালয়লৈ যাবলগীয়া ৰোগীয়ে যথেষ্ট সকাহ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে সংস্থাটোৰ সংশ্লিষ্ট কৰ্তপক্ষই ।