ETV Bharat / state

ADO Office Foundation Stone : চিমেন চাপৰিত কৃষি বিষয়াৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন - MP Pradan Baruah

পূৰ্বৰ কোনো এখন চৰকাৰে কৃষকৰ উৎপাদিত ধান দুগুণ দামত ক্ৰয় কৰা নাছিল । পাঁচ মাহলৈকে পথাৰ উদং কৰি থোৱা জাতিৰ উন্নতি কেনেকৈ সম্ভৱ হ'ব । এই মন্তব্য বিধায়ক ভূবন পেগুৰ । অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প আঁচনিৰ অধীনত ৩৮ কোটি টকা ব্যয় সাপেক্ষ পুঁজিৰে চিমেন চাপৰিত কৃষি উন্নয়ন বিষয়া কাৰ্যালয়ৰ আধাৰশিলা স্থাপন সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূবন পেগুৰ (ADO Office Foundation stone laid at Simen Chapori) ।

Jonai
Jonai
author img

By

Published : Dec 29, 2022, 8:21 PM IST

চিমেন চাপৰিত ADO কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

জোনাই, ২৯ ডিচেম্বৰ : অসম চৰকাৰৰ অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প আঁচনিৰ (AgriBusiness and Rural Transformation Project) অধীনত বৃহস্পতিবাৰে ৩৮ কোটি ৬৭ লাখ টকা ধাৰ্যকৃত পুঁজিৰে চিমেন চাপৰিত নিৰ্মাণ হ'বলগা কৃষি উন্নয়ন বিষয়া কাৰ্যালয়ৰ আধাৰশিলা স্থাপন (ADO Office Foundation stone laid at Simen Chapori) কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা (MP Pradan Baruah) আৰু জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগুৱে (Jonai MLA Bhuban Pegu) ।

মাঙ্গলিক কাৰ্যসূচীৰে আধাৰশিলা স্থাপন কৰাৰ পাছত অনুষ্ঠিত ৰাজহুৱা সভাত বক্তব্য ৰাখি জোনাইৰ বিধায়ক ভূবন পেগুৱে কয় যে পূৰ্বৰ কোনো এখন চৰকাৰে কৃষকৰ কল্যাণৰ বাবে সৰ্বাধিক গুৰুত্ব দিয়া নাছিল (Assam Agriculture Development Officers office) । আগতে কৃষকসকলে মৰণা মাৰি থোৱা ধান কুইণ্টলত মাত্ৰ আঠশ, এহেজাৰ খুব বেছি ১২০০ টকাত বিক্ৰী কৰিবলগা হৈছিল বুলি উল্লেখ কৰি এবিঘাত আঠ কুইণ্টল ধান উৎপাদন কৰিলে মাত্ৰ ৮ হাজাৰ টকাহে কৃষকে লাভ কৰিব পাৰিছিল বুলি তেওঁ কয় ।

কিন্তু এইখন চৰকাৰে পোন প্ৰথমবাৰৰ বাবে কৃষকৰ উৎপাদিত ধান প্ৰতি কুইণ্টলত ২০৪০ টকাকৈ কিনি কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে বুলি বক্তব্য ৰাখে । বৰ্তমানৰ চৰকাৰে কৃষকৰ সমস্যা দূৰ কৰিবলৈ কৃষি বিভাগৰ ভগ্নাৱশেষ হৈ যোৱা কাৰ্যালয়সমূহ পুনৰ নিৰ্মাণ কৰিবলৈ লৈছে, যাতে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে কাৰ্যালয়ত বহি কৃষকৰ সমস্যাৰ সমাধান কৰিবলৈ সুযোগ পায় বুলি তেওঁ ভাষণ প্ৰসংগত কয় । তেওঁ লগতে কয় যে আমাৰ পথাৰবোৰ পাঁচমাহ ধৰি উদং হৈ পৰি আছে ।

ডিচেম্বৰৰ পৰা এপ্ৰিললৈকে পথাৰ উদং হৈ থকা জাতিৰ উন্নতি কেনেকৈ সম্ভৱ হ'ব বুলি মন্তব্য কৰি তেওঁ কয়, কোনোবাই বৰোধান বা আন কিবা খেতি কৰিবলৈ ল'লেও এতিয়া গৰু, ম'হ মেলি দিয়াৰ বাবে জগৰ লাগে । উদঙীয়া গৰু-ম'হৰ উৎপাতত আগ্ৰহী কৃষকেও খেতিৰ প্ৰতি অনীহা প্ৰকাশ কৰে । সেয়ে এনে পৰিস্থিতি নাইকিয়া কৰিব লাগিব বুলি তেওঁ ভাষণ প্ৰসংগত কয় । অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই কয় যে চিমেন চাপৰিবাসীৰ বাবে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন ।

চিমেন চাপৰিত এটা কৃষি উন্নয়ন বিষয়া কাৰ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হ'ল । ইমান দিনে যে এজন কৃষি বিষয়া আছিল তাৰ ঠিকনা পোৱা ন'গৈছিল । এতিয়াৰে পৰা ৰাইজে বিষয়াৰ ঠিকনা পাব আৰু চৰকাৰৰ কৃষি বিভাগৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে জানিব পাৰিব আৰু কৃষক ৰাইজৰ ওজৰ-আপত্তিসমূহো ইয়াত জনাব পাৰিব বুলি বক্তব্য আগবঢ়ায় ।

ধেমাজি জিলা কৃষি বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা চাৰুকুমাৰ পগাগে আঁতধৰা অনুষ্ঠানত ধেমাজি জিলা কৃষি বিষয়া চিৰঞ্জীৎ শৰ্মা, সহকাৰী সঞ্চালক নৰনাথ পেগু, সহকাৰী কৃষি সম্প্ৰসাৰণ বিষয়া ধ্ৰুৱজ্যোতি দত্ত, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, ভৱানী দুৱৰা, ধেমাজি জিলা পৰিষদৰ সদস্য অতুল পেগু, সন্মিলিত গণশক্তি দলৰ কেন্দ্ৰীয় সদস্য পদ্মনাথ চাৰহ, চিমেন চাপৰি পঞ্চায়ত সমিতিৰ সভাপতি ৰাজেন বৰুৱা, পশ্চিম জোনাই মণ্ডল বিজেপিৰ সভাপতি শিৱ দলে উপস্থিত থাকে ।

ইয়াৰ পাছতে চিমেন চাপৰি শংকৰদেৱ শিশু নিকেতনত উপস্থিত হৈ বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ বিষয়ে বুজ লয় । লগতে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে স্থানীয় সাংসদ প্ৰদান বৰুৱাই ৫ লাখ টকা অনুদান আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে । উক্ত কাৰ্যসূচীত চিমেন চাপৰি শংকৰদেৱ শিশু নিকেতনৰ সভাপতি দিলীপ কুমাৰ গগৈ, সচিব সুৰেশ সন্দিকৈ, প্ৰদান আচাৰ্য সুৰজিৎ নাৰ্জাৰী উপস্থিত থাকে ।

ইয়াৰ উপৰি চিমেন চাপৰিস্থিত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰত উপস্থিত হৈ স্থানীয় সাংসদ আৰু বিধায়ক গৰাকীয়ে চৰকাৰৰ পুঁজিৰে নিৰ্মাণ কৰি থকা আন্তঃগাঁথনিগত আঁচনিসমূহৰ বিষয়ৰ ওপৰত কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয় ।

লগতে পঢ়ক :Self reliant in cultivation: শাক-পাচলিৰ খেতিৰে বছৰি 5 লক্ষাধিক উপাৰ্জন

For All Latest Updates

TAGGED:

ASC10072
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.