ETV Bharat / state

চিলাপথাৰত কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰিলে ছাত্ৰ সন্থাই

author img

By

Published : Sep 26, 2020, 2:56 AM IST

বিজেপি চৰকাৰে কৃষক ৰাইজক মাধমাৰ দিয়াৰ প্ৰতিবাদত শুকুৰবাৰে জোনাই আঞ্চলিক ছাত্র সন্থাই 2020 বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰে ৷

চিলাপথাৰত কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰিলে ছাত্ৰ সন্থাই
চিলাপথাৰত কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰিলে ছাত্ৰ সন্থাই

জোনাই, 25 ছেপ্টেম্বৰ : কৃষকসকলৰ লগতে সৰ্ব সাধাৰণ ৰাইজক মাধমাৰ সোধাই সদনৰ মজিয়াত বিৰোধীক এঘৰীয়া কৰি নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৃষি বিধেয়ক গৃহীত কৰে ৷ তাৰ পিছে পিছে অত্যাৱশ্যকীয় সামগ্ৰী বিধেয়ক গৃহীত কৰিলে, য’ত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকিব । বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছতেই আলু, পিয়াঁজ, দালি, মিঠাতেল আদি আৰু অত্যাৱশ্যকীয় সামগ্ৰী হৈ নাথাকিব । পূঁজিপতিয়ে নিজৰ ইচ্ছা মতেই মূল্য নিৰ্ধাৰণ কৰিব পাৰিব সামগ্ৰীৰ । বিধেয়ক খন গৃহীত হোৱাৰ পিছতেই সমগ্ৰ দেশ তথা ৰাজ্যজুৰি প্ৰতিবাদৰ জুই জ্বলিছে ৷

ইফালে সমগ্ৰ ৰাজ্যৰ লগতে, সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি আৰু চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,যোগানমন্ত্ৰী ফনীভুষন চৌধুৰীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই চিলাপথাৰ নগৰৰ মাজমজিয়াত অসম চৰকাৰৰ যোগানমন্ত্ৰী ফনীভুষন চৌধুৰী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে, কৃষি তথা কৃষকৰ বিৰোধী কৃষি বিলখন প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰাৰ লগতে,অনতিপলমে যদি বাতিল নকৰে তেন্তে আগন্তুক দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

এই প্ৰতিলিপি দাহ অনুষ্ঠানত ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ৰাজীৱ গগৈ, প্ৰচাৰ সম্পাদক কৈলাশ মিৰি, জোনাই মহকুমাৰ ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰী, উপ-সভাপতি কল্লোল কোঁৱৰ, সভাপতি মানস প্ৰতীম বৰা, সাধাৰণ সম্পাদক ৰাজ ঋষি পেগুৰ লগতে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : চিৰাঙত বিটিআৰক লৈ উচাহ, আয়োগৰ সদস্যক সম্বৰ্ধনা বিভিন্ন দল-সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.