ধেমাজি, 24 জুলাই : শনিবাৰে ধেমাজিত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা ৷ নিৰ্মাণৰত অৱস্থাত নলাৰ দেৱাল খহি পৰিল এগৰাকী শ্ৰমিকৰ ওপৰত ৷ কথমপি প্ৰাণ ৰক্ষা পৰে শ্ৰমিক গৰাকীৰ ৷
ঘটনাৰ বিৱৰণি অনুসৰি, অন্য দিনৰ দৰে শনিবাৰেও উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত এটা নলাৰ কাষতে এখন দেৱাল নিৰ্মাণ কৰি আছিল কেইবাগৰাকীও শ্ৰমিকে ৷ হঠাৎ শ্ৰমিকসকলে কামকৰি থকা অৱস্থাতে নিৰ্মীয়মান দেৱালখন ভাঙি পৰে ৷ কেইবাগৰাকী শ্ৰমিকে দুৰ্ঘটনাটোৰ পৰা হাত সাৰে যদিও এগৰাকী শ্ৰমিক দেৱালয়ৰ খোন্দাত নলাটোতে আবদ্ধ হৈ পৰে ৷
এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা শ্ৰমিক গৰাকী হৈছে ধেমাজিৰ দিহিৰি গাঁৱৰ ২৫ বছৰীয়া আংগুনা বসুমতাৰী ৷
পৰৱৰ্তী সময়ত নলাত আবদ্ধ হৈ পৰা আংগুনা বসুমতাৰীক সতীৰ্থ শ্ৰমিকৰ তৎপৰতাত মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ততাতয়াকৈ আঘাতপ্ৰাপ্ত আংগুনা বসুমতাৰীক ধেমাজিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ জানিব পৰা মতে, আংগুনা বসুমতাৰীৰ অৱস্থা অতি সংকতজনক ৷ এই ঘটনাক কেন্দ্ৰ কৰি ধেমাজিত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷
লগতে পঢ়ক: বগা হাতীত পৰিণত কৃষি বিভাগৰ ১০ কোটি টকীয়া প্ৰকল্প