ETV Bharat / state

দেশৰ ভিতৰতে সৰ্বাধিক সুবিধা থকা ধেমাজিৰ এটা গ্ৰাম্য ক'ভিড কেয়াৰ চেন্টাৰ

author img

By

Published : Jul 13, 2021, 7:50 PM IST

ক'ভিড মহামাৰীৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ ইয়াৰ মাজতে কেইবাটাও প্ৰতিস্থিত মানৱ দৰদী সংস্থাৰ সহযোগত ধেমাজিত সাজু কৰি তোলা হৈছে দেশৰ ভিতৰতে সৰ্বাধিক সুবিধা থকা এটা গ্ৰাম্যাঞ্চলৰ ক'ভিড কেয়াৰ চেন্টাৰ ৷

a-rural-covid-care-centre-in-dhemaji-with-the-highest-facilities-in-a-the-country
ধেমাজিত দেশৰ ভিতৰতে সৰ্বাধিক সুবিধা থকা গ্ৰাম্য ক'ভিড কেয়াৰ চেন্টাৰ

ধেমাজি, 13 জুলাই : সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে ক'ভিড মহামাৰীৰ সংহাৰী ৰূপ ৷ ক'ভিড মহামাৰীৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশকে কোবাই যোৱাৰ মাজতে চৰকাৰৰ পৃষ্ঠপোষকতাত যোৱা ডেৰটা বছৰে বিভিন্ন জিলাত স্থাপন কৰা হৈছে বহু ক'ভিড কেয়াৰ চেণ্টাৰ ৷ ইয়াৰ মাজতে কেইবাটাও প্ৰতিস্থিত মানৱ দৰদী সংস্থাৰ সহযোগত ধেমাজিত সাজু কৰি তোলা হৈছে দেশৰ ভিতৰতে সৰ্বাধিক সুবিধা থকা এটা গ্ৰাম্যাঞ্চলৰ ক'ভিড কেয়াৰ চেন্টাৰ ৷ ধেমাজি সদৰৰ পৰা ১৫ কিলোমিটাৰ নিলগত থকা বিষ্ণুপুৰ টেকজুৰিস্থিত ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ত নিৰ্মাণ কৰি উলিওৱা হৈছে এই ক'ভিড কেয়াৰ চেন্টাৰটো ৷

চেন্টাৰটোত ক'ভিড ৰোগীৰ বাবে ৩৪৬ খন বিচনা সাজু কৰি তোলাৰ লগতে সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধা উপলব্ধ কৰা হৈছে ৷ বিশ্ববেংক কৰ্মচাৰী সংস্থাৰ ভাৰতীয় সংঘ, হেল্পিং হেণ্ডচ, চিদচ, এইড আৰু শান্তি সাধনা আশ্ৰম নামৰ পাচঁটাকৈ সংস্থাৰ সাহায্যৰে প্ৰস্তুত কৰি উলিওৱা হৈছে এই অত্যাধুনিক গ্ৰাম্য কভিড কেয়াৰ চেন্টাৰটো ৷ শেহতীয়াকৈ ধেমাজি জিলা খনত ক'ভিডত আক্ৰান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি ধেমাজি জিলাতে এই চেন্টাৰটো স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সংস্থা কেইটাই ৷

ইতিমধ্যে চেন্টাৰটোৰ কাম প্ৰায় সম্পূৰ্ণ কৰি এক অনুষ্ঠানৰ জড়িয়তে জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীৰ উপস্থিতত জিলা প্ৰশাসনক ক'ভিড কেয়াৰ চেন্টাৰটো অৰ্পন কৰিছে সংস্থাকেইটাই ৷ ক'ভিড অতিমাৰীৰ দ্বিতীয় ঢৌত ধেমাজি জিলাত বহু লোক আক্ৰান্ত হোৱাৰ সময়তে সংস্থা কেইটাই গ্ৰহণ কৰাৰ পদক্ষেপক শলাগ লৈছে ধেমাজিবাসীয়ে ৷

লগতে পঢ়কঃ মাছ মৰাৰ পাচতহে দীঘলীপুখুৰী পৰিস্কাৰ কৰিবলৈ মনত পৰিল বিভাগীয় কৰ্তৃপক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.