ETV Bharat / state

6 workers missing: ঘৰলৈ উভতি নাহিল অৰুণাচলত কৰ্মৰত জোনাইৰ ৬ শ্ৰমিক - জোনাইৰ ৬ শ্ৰমিক

পুনৰ অৰুণাচল প্ৰদেশত নিখোজ অসমৰ শ্ৰমিক ৷ কাম কৰিবলৈ গৈ ঘৰলৈ উভতি অহাৰ সময়তে নিখোজ হয় জোনাইৰ 6 জনীয়া শ্ৰমিকৰ দল (6 workers missing in Arunachal Pradesh) ৷

6 workers missing
ঘৰলৈ উভতি নাহিল অৰুণাচলত কৰ্মৰত জোনাইৰ ৬ শ্ৰমিক
author img

By

Published : Mar 24, 2023, 10:54 PM IST

ঘৰলৈ উভতি নাহিল অৰুণাচলত কৰ্মৰত জোনাইৰ ৬ শ্ৰমিক

জোনাই, 24 মাৰ্চ: পুনৰ বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা শ্ৰমিক নিখোজ হোৱাৰ ঘটনা পোহৰলৈ আহিছে (Assam Workers missing in Arunachal Pradesh) ৷ অৰুণাচল প্ৰদেশত কাম কৰিবলৈ গৈ ঘৰলৈ উভতি অহা নাই 6 গৰাকীকৈ শ্ৰমিক ৷ যোৱা দুদিন ধৰি নিখোজ হৈ আছে শ্ৰমিকৰ দলটো ৷ ইয়াৰ পিচতে পৰিয়ালকেইটাৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (6 workers missing in Arunachal Pradesh) ৷

ঘটনাৰ বিৱৰণী অনুসৰি প্ৰায় 10 দিন পূৰ্বে অৰুণাচল প্ৰদেশৰ লৱাৰ চিয়াং জিলাৰ নিউ দাৰিঙত এটা প্ৰকল্পৰ ৱাটাৰ পাইপৰ কাম কৰিবলৈ গৈছিল 6 জনীয়া শ্ৰমিকৰ দলটো (6 Assam Workers missing) ৷ কিন্তু অৰুণাচল প্ৰদেশত শেহতীয়াকৈ ধাৰাষাৰ বৃষ্টিপাত হোৱাৰ বাবে এই কাম স্থগিত কৰি ৰাখিবলৈ বাধ্য হৈছিল প্ৰকল্পটোৰ মালিকপক্ষই ৷ সেইবাবে শ্ৰমিকসকলক ঘৰলৈ ঘূৰি আহিবলৈ পৰামৰ্শ দিছিল মালিকে ৷

মালিকৰ কথা শুনি শ্ৰমিকৰ দলটোৱেও ঘৰলৈ ঘূৰি অহাৰ সিদ্ধান্ত লৈ ঘৰৰ লোকক এই কথা অৱগত কৰিলে ৷ তাৰ পিচতে যোৱা বুধবাৰে অৰুণাচল প্ৰদেশৰ পৰা ঘৰ অভিমুখে খোজ লয় শ্ৰমিকৰ দলটো ৷ তেওঁলোকে গাড়ী নোপোৱাত নদীৰ পাৰে পাৰেই খোজ কাঢ়ি ঘৰলৈ উভতি আহিম বুলি ঘৰৰ লোকক জনাইছিল ৷

কিন্তু দুৰ্ভাগ্যক্ৰমে যোৱা বুধবাৰৰ পৰা ঘৰৰ লোকৰ লগত কোনো যোগাযোগ হোৱা নাই দলটোৰ ৷ ঘৰৰ লোকে ফোন কৰিছে যদিও ফোন ছুইচ অফ পোৱাত চিন্তিত হৈ পৰে ঘৰৰ লোক ৷

শ্ৰমিককেইজন ক্ৰমে জোনাইৰ পুৰণা জেলমৰ আনচিং গাঁৱৰ ক্ৰমে নাৰায়ন টায়েং, মনোজ টায়েং, অতুল পাৱ, তিলেশ্বৰ বৰি, মদন তামাং আৰু দেও মেদক ৷

সম্প্ৰতি শুকুৰবাৰলৈ শ্ৰমিকৰ দলটো নিখোজ হৈ থকাত আজি স্থানীয় আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোক তথা স্থানীয় লোকে ৷ ইফালে তেওঁলোকে কৰাঙৰ আঁচনিৰ ঠিকাদাৰক ফোন কৰাত ঠিকাদাৰে যুৱক কেইজনে ঘৰলৈ যোৱাৰ কথা গম নাপাওঁ বুলি জানিবলৈ দিয়ে ৷ ঠিকাদাৰগৰাকীয়ে কোৱা অনুসৰি তেওঁলোকে যোৱাৰ কথা আমাক কৈছিল যদিও কেতিয়া যাব কোৱা নাছিল ৷

মালিকপক্ষই তেওঁলোকক বৃহস্পতিবাৰেহে গাড়ীৰে থৈ অহাৰ কথা আছিল যদিও তেওঁলোকে নিজেই এনেকৈ গুচি অহাৰ কথা অৱগত নহয় বুলি ব্যক্ত কৰে ৷ এই খবৰৰ পিচতে পৰিয়ালৰ লোকৰ লগতে মালিকপক্ষও শ্ৰমিককেইগৰাকীক বিচৰি অনুসন্ধান আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: AMCH doctor negligence : আজৱ কাণ্ড, নিশা হাস্পতালত শুবলৈহে যায় চিকিৎসক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.