জোনাই,২৪ অক্টোবৰ : অসম-অৰুণাচল সীমান্তত থকা জোনাই মহকুমাত উখল মাখল পৰিৱেশ । সোণালী জয়ন্তী বৰ্ষ উপলক্ষে জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰত আয়োজন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ । হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে ঐতিহাসিক নামঘৰটো । শ শ ভকত, বৈষ্ণৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে । অঞ্চলটোৰ বিভিন্ন জাতি, ধৰ্মৰ লোকেও নামঘৰটোৰ কাৰ্যসূচীত অংশ লৈছে । ১৯৭২ চনতে স্থাপন হোৱা জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰটোত দুদিনীয়াকৈ আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচীৰ ।
ইফালে নামঘৰৰ মূল সমিতিৰ সহযোগত মঙলবাৰে ভগৱত ভ্ৰমণৰ আয়োজন কৰা হৈছে । এই ভাগৱত ভ্ৰমণত অঞ্চলটোৰ ভকত-বৈষ্ণৱকে ধৰি শ শ লোকে আংশগ্ৰহণ কৰে । ভাগৱত ভ্ৰমণৰ অন্তত সকলোৱে নামঘৰত সমৱেত হয় আৰু ঘোষা, পুথিপাঠ, নাম-কীৰ্তন আৰু খোল-প্ৰসংগ উপভোগ কৰে । ইফালে বিয়লি লোকসকলে মাহ-প্ৰসাদ গ্ৰহণ কৰে ।
অনুষ্ঠানৰ লগত সংগতি ৰাখি সমূহীয়া ভোগ বিতৰণ কাৰ্যসূচীৰো আয়োজন কৰা হয় । দুদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানত মঙলবাৰে নিশা জোনাই লাচিত নগৰৰ ৰাজু ৰয় আৰু কণিকা ৰয়ে পুত্ৰ পংকজ ৰয়ৰ হৈ আগবঢ়োৱা 'সিন্ধুমণিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ' ভাওনাখনি স্থানীয় শিল্পীসকলে প্ৰদৰ্শন কৰিব ৷ ভাওনাখনি পৰিচালনা কৰিব চিমেন চাপৰিৰ জিতেন গগৈ আৰু তেওঁৰ সহযোগীসকলে ।
ইফালে জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজিত গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মোৎসৱৰ কাৰ্যসূচীত চিত্ৰাংকন প্ৰতিযোগিতা, ঠাইতে লিখা ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ৷ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে সোমবাৰে সমূহীয়া নাম প্ৰসংগৰো আয়োজন কৰা হয় । তাৰ পাছতে আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকে জোনাই মূৰ্কংচেলেক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক অতুল হাজৰিকা ।
লগতে পঢ়ক :Birth anniversary of Sankardeva: জোনাইত গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উদযাপন