জোনাই,২৪ অক্টোবৰ: জোনাইত জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে ভাষা, সাহিত্য-সংস্কৃতি আৰু বৈষ্ণৱ ধৰ্মৰে সকলোকে একাকাৰ কৰি বৰ অসমৰ ভেটি গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী উদযাপন । দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মোৎসৱৰ আজি দ্বিতীয় দিন । দ্বিতীয় দিনা তথা ২৪ অক্টোবৰ অৰ্থাৎ মঙলবাৰে পুৱা ৭ বজাত পুৱাৰ প্ৰসংগৰে আৰম্ভ হয় কাৰ্যসূচী ।
পুৱা ৯.০০ বজাৰ পৰা ভাগৱত ভ্ৰমণ, পুৱা ১১.০০ বজাত সমূহীয়া নাম প্ৰসংগ, দুপৰীয়া ১২.৩০ সমূহীয়া ভোজনৰ পিছতে দিনৰ ১ বজাত স্থানীয় ভকত-বৈষ্ণৱসকলৰ লগতে উদয়পুৰৰ নামতি দল আৰু লুহিজান মাজগাঁৱৰ হৰিনামৰ দলৰ সমূহীয়া নাম অনুষ্ঠিত কৰা হ'ব ৷ বিয়লি ৩ বজাত প্ৰসাদ বিতৰণৰ পিছত সন্ধিয়া ৫ বজাত পুৰস্কাৰ বিতৰণ কৰা হ'ব ৷ নিশা ৮ বজাত জোনাই লাচিত নগৰৰ ৰাজু ৰয় আৰু কনিকা ৰয়ে পুত্ৰ পংকজ ৰয়ৰ হৈ আগবঢ়োৱা "সিন্ধুমনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ" ৰ ভাওনাখনি স্থানীয় শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব ৷
আনহাতে প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি সোমবাৰে পুৱা ৮ বজাৰ অসম অৰুণাচল সীমান্ত জোনাই মহকুমাত ১৯৭২ চনতে স্থাপন কৰা সোণালী জয়ন্তী গৰকা জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰত নামঘৰ মূল সমিতিৰ উদ্যোগত আয়োজন কৰা মহাপুৰুষজনাৰ ৫৭৫ সংখ্যক জন্মোৎসৱউপলক্ষে পুৱা নাম প্ৰসংগৰ পাছতে জোনাই মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা সুখলতা ফুকন গগৈৰ দ্বাৰা ধৰ্মধ্বজা উত্তোলন কৰা হয় । ইয়াৰ পাছতে গছপুলি ৰোপণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নবীন গগৈয়ে ৷
পুৱা ৯ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা, ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ পুৱা ১০ বজাৰ পৰা সমূহীয়া নাম প্ৰসংগ অনুষ্ঠিত কৰা হয় । দিনৰ ১১ বজাত আমন্ত্ৰিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে জোনাই মূৰ্কংচেলেক মহাবিদ্যালয়ৰ সহযোগি অধ্যাপক অতুল হাজৰিকা । "একশৰণ নাম ধৰ্মৰ মূল মন্ত্ৰ" সন্দৰ্ভত বক্তব্য প্ৰদান কৰে অধ্যাপকগৰাকীয়ে ৷ বিয়লি ১২ বজাত দিহানাম পৰিবেশন কৰে স্থানীয় লোকসকলৰ লগতে সৰস্বতী সংগীত বিদ্যালয়ৰ দিহানাম দলে ।
লগতে পঢ়ক: Durga puja 2023: মৰিগাঁৱত জীৱন্ত ৰূপত দেৱী প্ৰদৰ্শন