ETV Bharat / state

34th Joint Annual Session: কোচ সন্মিলন, কোচ ছাত্ৰ সন্থা আৰু কোচ মহিলা পৰিষদ যৌথ বাৰ্ষিক অধিৱেশনৰ সামৰণি - অসম কোচ সন্মিলনৰ সাধাৰণ সম্পাদক পৰিমল কোচ

সফলভাৱে সামৰণি পৰে সদৌ অসম কোচ সন্মিলন, সদৌ অসম কোচ ছাত্ৰ সন্থা আৰু সদৌ অসম কোচ মহিলা পৰিষদৰ ৩৪ সংখ্যক যৌথ বাৰ্ষিক অধিৱেশনৰ (34th Joint Annual Session)৷

34th Joint Annual Session concludes at Jonai
জোনাইত ৩৪ সংখ্যক যৌথ বাৰ্ষিক অধিৱেশনৰ সামৰণি
author img

By

Published : Mar 5, 2023, 10:55 PM IST

Updated : Mar 6, 2023, 8:14 AM IST

জোনাই, ৫ মাৰ্চ: গোৱালপাৰাত সদৌ অসম কোচ সন্মিলন, সদৌ অসম কোচ ছাত্ৰ সন্থা আৰু সদৌ অসম কোচ মহিলা পৰিষদৰ ৩৪ সংখ্যক যৌথ বাৰ্ষিক অধিৱেশনৰ দেওবাৰে সফলভাৱে সামৰণি পৰে (34th Joint Annual Session)।

অধিৱেশনৰ অন্তিম দিনটোত পুৱা ৮ বজাত সাংস্কৃতিক শোভাযাত্ৰাৰ পাচত সদৌ অসম কোচ ছাত্র সন্থাৰ ( All Assam Koch Students Union)এক বিশেষ সভা অনুষ্ঠিত কৰা হয়। দিনৰ ১ বজাৰ পৰা সদৌ অসম কোচ সন্মিলনৰ সভাপতি প্ৰভাশ বানাইৰ সভাপতিত্বত অনুষ্ঠিত কৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী উপস্থিত থাকে ৷

বসুমতাৰীয়ে জোনাইবাসীক সম্বোধন কৰি কয় যে কোচ সকলৰ নিজস্ব ভাষা, সংস্কৃতি, সাজপাৰ আৰু পৰম্পৰা আছে ৷ এটা সময়ৰ ৰাজকীয় জাতিটোত বৰ্তমান বিভিন্ন সমস্যাই গা কৰি উঠিছে ৷ জাতিটোৱে স্বকীয় পৰিচয় আৰু অস্তিত্বৰ সংকট ভুগিছে ৷ কোচৰ জাতীয় সংগঠনসমূহে এইক্ষেত্ৰত বলিষ্ঠভাৱে ভূমিকা গ্ৰহণ কৰি কোচৰ স্বভিমান ৰক্ষা কৰিবলৈ আহ্বান জনায় সভাপতিগৰাকীয়ে ।

এই মুকলি সভাত মুখ্য অতিথিৰ ভাষণত ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কয় যে নৃতত্ব বিজ্ঞানীসকলে আগবঢ়োৱা তথ্য অনুসৰি চৈধ্য শতিকাৰ পৰা সোতৰ শতিকাৰ ভিতৰত প্ৰায় তিনিশ বছৰত অবিভক্ত গোৱালপাৰা জিলা আৰু বৰ্তমানৰ কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং,দক্ষিণ শালমৰাৰ কোচ ৰাজবংশী, আদিবাসী, বড়ো, ৰাভা জনগোষ্ঠীৰ লোকসকল ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ ফলত সংমিশ্ৰিত সাংস্কৃতিক পৰম্পৰা অক্ষুন্ন আছে ৷ যি গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত দেশী গৰীয়া-মৰীয়াসকলৰ কৃষ্টি-নৃত্যত প্ৰতিফলিত হয় ৷

বৰ্তমানৰ ৰাষ্ট্ৰীয়তাবাদ,জাতীয়তাবাদ আৰু গোষ্ঠীবাদৰ ধামখুমিয়াত সৰু সৰু জনগোষ্ঠীসমূহৰ স্বকীয়তা আৰু জাতীয় সত্বা অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আহি পৰিছে ৷ চৰকাৰে প্ৰতিদিনে ৰাজনৈতিক দৃষ্টিভংগী আগত ৰাখি জনগোষ্ঠীসমূহৰ সমস্যা সমাধান কৰিবলৈ বিচাৰে ৷ সংখ্যালঘু জনগোষ্ঠীসমূহৰ আশা-আকাংক্ষাসমূহ পূৰণ কৰিবলৈ নতুন চিন্তা-চৰ্চ্চাৰ প্ৰয়োজন ৷ সেইধৰণে জাতীয় সংগঠনসমূহে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা উচিত ৷

ইফালে সদৌ অসম কোচ সন্মিলনৰ সাধাৰণ সম্পাদক পৰিমল কোচে আঁতধৰা মুকলি সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম কোচ সন্মিলনৰ উপদেষ্টা উপেন্দ্ৰ হাৰী কোচে কয় যে, বেদত কোচ জাতিৰ বিষয়ে স্পষ্টকৈ উল্লেখ আছে ৷ কোচৰ পৰাই কছাৰী আৰু উত্তৰ পাৰত বহু কোচ ৰাভালৈ পৰিৱৰ্তন হৈছে ৷ ইতিহাসবিদ আৰু সাহিত্যিক সকলে কোচৰ বিষয়ে বিভিন্ন সমল উদ্ধাৰ কৰি ইতিহাস ৰচনা কৰি থৈ গৈছে ৷

ইয়াৰোপৰি এই মুকলি সভাত উপস্থিত থাকে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমিয় কুমাৰ বসুমতাৰী, কোচ উন্নয়ন পৰিষদৰ সভাপতি দৈচান্দ ৰংগাগ, ইউবিপিঅৰ সহকাৰী সাধাৰণ সম্পাদক অবিৰাম বড়ো, ইউবিপিঅ’ৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক চনী বড়ো, সম্পাদক ৰাহুল বড়ো ৷

লগতে উপস্থিত থাকে সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সাংগঠনিক সচিব তোলন সোণোৱাল, সদৌ অসম কোচ ছাত্র সন্থাৰ সভাপতি মনোৰঞ্জন কোচ, সাধাৰণ সম্পাদক নৱজ্যোতি কোচ, সদৌ অসম কোচ মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা স্বৰ্ণমতি কোচ, জয়ৰামকুছি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক উমাকান্ত ব্ৰহ্ম, সদৌ বিটিআৰ কোচ ছাত্র সন্থাৰ সভাপতি ৰাছাং বি কোচ, লক্ষীপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ গগৈ, লক্ষীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীমকান্ত পেগু ৷ আজিৰ মুকলি সভাত কোচ সকলৰ নাৰাইলুকুই, হাবাহাওনি আৰু দেশী গৰীয়া মৰীয়া নৃত্য প্ৰদৰ্শনে ৰাইজক বাৰুকৈয়ে আপ্লুত কৰি তোলে।

লগতে পঢ়ক: Powerloom cloths controversy: পৰীক্ষাগাৰৰ পৰা সুদত্তৰ নোপোৱাৰ বাবেই সাৰি যায় পাৱাৰলুমৰ গামোচা ব্যৱসায়ী

Last Updated : Mar 6, 2023, 8:14 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.