জোনাই, 30 মে' : জোনাই মহকুমাত বহিঃৰাজ্যৰ পৰা অহা 222 গৰাকী লোকক ৰখা হৈছে কোৱাৰেন্টাইনত । ইয়াৰ ভিতৰত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত 100 গৰাকী, চিমেন চাপৰি মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত 72 গৰাকী আৰু জোনাই উচ্চতৰ মাধ্যমিক ছাত্ৰী নিৱাসত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰত 50 গৰাকী লোকক ৰখা হৈছে ।
উল্লেখ্য যে, এই পৰ্যন্ত জোনাইত কোৱাৰেন্টাইন চেন্টাৰ সমূহত ৰখা মুঠ 150 গৰাকী লোকৰ 149 গৰাকীৰ ৰিপোৰ্ট নিগেটিভ ওলোৱাৰ বিপৰীতে কোভিড 19 পজিটিভ এজন ৰোগী ধৰা পৰিছে । ৰোগীজনক চিকিৎসাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । 21 মে'ৰ পৰা জোনাই মুৰ্কংচেলেক মহাবিদ্যালয় কোৱাৰেন্টাইন শিবিৰত থকা 27 জন যুৱকৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল নিগেটিভ ওলোৱাত আটাইকেইজনকে স্বাস্থ্য বিভাগ আৰু জোনাই আৰক্ষী প্ৰশাসনে নিজ নিজ ঘৰত থৈ আহে । কিন্তু আটাইকে হোম কোৱাৰেন্টাইনত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে প্ৰশাসনে ।
লগতে পঢ়ক- বিতৰ্কৰ আৱৰ্তত মহানগৰীৰ "টাইকা" বাৰঃ সাঙুৰ খাইছে প্ৰাক্তন মন্ত্ৰীৰ নাম