জোনাই, ৩১ মে': ধেমাজি জিলাৰ জোনাইত দুজন যুৱকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি । জোনাইৰ মূৰ্কংচেলেক মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন শিৱিৰত কোৱাৰেন্টাই হৈ আছিল যুৱক দুজন । আনহাতে, বৰ্তমানলৈকে জোনাইত ৩ জন ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ।
উল্লেখ্য যে, জোনাইৰ পাঁচজন যুৱকে বিগত ২২ মে'ত চেন্নাইৰ পৰা ৰে'লযোগে আহিছিল ধেমাজিৰ প্ৰথমগৰাকী কৰ'ণা ৰোগীৰ সৈতে ৷ প্ৰথম অৱস্থাত যুৱজ কেইজনৰ স্বাৱ পৰীক্ষাত কৰ'ণাৰ উপস্থিতি ধৰা নপৰে যদিও জোনাই স্বাস্থ্য বিভাগে পুনৰ যুৱক কেইজনক ১৪ দিনৰ বাবে পৃথকে ৰাখি দ্বিতীয়টো স্বাৱ পৰীক্ষাত কৰে ।
তাৰ পাচতে দেওহবাৰে দুজন যুৱকৰ দেহত লাভ কৰে COVID-19ৰ উপস্থিতি । বৰ্তমান জোনাইৰ তিনিওজন কৰ'ণা আক্ৰান্ত ৰোগী ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । আনহাতে, ধেমাজিত বৰ্তমানলৈকে কৰ'ণা আক্ৰান্তৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পোৱা বুলি জানিবলৈ দিয়ে প্ৰশাসনে ।