ধেমাজি, 27 অক্টোবৰ: ধেমাজি চিকিৎসা মহাবিদ্যালয় আৰু অসম-মালা আঁচনিৰ অধীনত ঢকুৱাখানাৰ পৰা তেলিজানলৈ নিৰ্মাণ কৰিবলৈ লোৱা পথচোৱাৰ বাবে মাটি অধিগ্ৰহণ কৰা লোকসকলৰ ক্ষতিপূৰণৰ ধন বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় (157 affected families received land valuation) ।
ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Minister Ranoj Pegu) সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত মুঠ ১৫৭ টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকৰ মাজত মাটিৰ মূল্যমান প্ৰদানৰ প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । ইয়াৰ লগে জিলাখনৰ বাবে হাতত লোৱা দুখনকৈ গুৰুত্বপূৰ্ণ আঁচনিৰ কামেও বিশেষ গতি লাভ কৰিলে ।
অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে, আগন্তুক মাহৰ কোনোবা এটা দিনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) আহি এই দুয়োটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ধেমাজিত স্থাপন কৰিবলৈ লোৱা নতুন সংহত উপায়ুক্তৰ কাৰ্যালয়ৰো নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব ৷
লগতে প্ৰস্তাৱিত মেডিকেল কলেজৰ পৰা ৰে’লৱে ষ্টেচনলৈ পথচোৱা বহল কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । ধেমাজি চহৰখনক উত্তৰ পাৰৰ এখন উন্নত তথা অগ্ৰণী চহৰলৈ উন্নীত কৰাৰ বাবে চলোৱা প্ৰয়াসত সকলো শ্ৰেণীৰ লোকে সহযোগিতা কৰিব লাগিব বুলি মন্তব্য কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে চহৰখনৰ প্ৰতিটো বাট-পথ বহল হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াৰ বাবে ৰাইজৰ ফালৰ পৰাই প্ৰয়োজনীয় প্ৰস্তাৱ দাঙি ধৰিবলৈ আহ্বান জনায় ।
সভাৰ আৰম্ভণিতে জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই আদৰণি ভাষণত কয় যে, খুৱলীয়া-হিলৈধাৰীত স্থাপন কৰিবলৈ লোৱা মেডিকেল কলেজৰ বাবে অধিগ্ৰহণ কৰা ১১৪ বিঘা মাটিৰ বাবদ দিবলগীয়া ২৫.১৮ কোটি টকা ৰাজ্যৰ চৰকাৰে ইতিমধ্যে মুকলি কৰি দিছে ।
আনহাতে ঢকুৱাখানাৰ পৰা মাছখোৱা লৈ তেলিজানলৈ অসম মালা আচনিৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা ১৫ কি:মি: জোৰা পথচোৱাৰ বাবে অধিগ্ৰহণ কৰা ৩০ বিঘা, ৩ কঠা মাটিৰ বাবদ দিবলগীয়া ২৫.৬০ কোটি টকাৰ ৫০ শতাংশ ধন ৰাজ্য চৰকাৰে ইতিমধ্যে মোকলাই দিছে ।
এই দুয়োখন আঁচনিয়ে জিলাখনৰ উন্নয়নত সুদূৰ প্ৰসাৰী ইতিবাচক প্ৰভাৱ পেলাব বুলি উল্লেখ কৰে । সহকাৰী আয়ুক্ত ত্ৰিলিনা টাইডে আঁতধৰা সভাখনত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ (Sonowal Kachari Autonomous Council) মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱাল, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰী আৰু ধেমাজি উন্নয়ন প্ৰাধিকাৰীৰ (Dhemaji Development Authority ) অধ্যক্ষ তোলন কোৱৰো উপস্থিত থাকে। উক্ত প্ৰকল্পৰ বাবে ক্ষতিগ্ৰস্ত চাৰিজন লোকক আনুষ্ঠানিকভাৱে সভাত প্ৰতীকি চেক প্ৰদান কৰা হয় ।
লগতে পঢ়ক: Funeral of Veteran Nipon Goswami: ৰাজ্যিক মৰ্যদাৰে সম্পন্ন হ’ব নিপন গোস্বামীৰ শেষকৃত্য