দলগাঁও, ৬ নৱেম্বৰ: চহৰ-নগৰত পাচলিৰ বজাৰত জুই জ্বলিছে যদিও উচিত মূল্য পোৱা নাই খাৰুপেটীয়াৰ পাচলি উৎপাদকসকলে । শাক-পাচলিৰে ভৰি পৰা দৰঙৰ খাৰুপেটীয়াৰ বালুগাঁও পাইকাৰী পাচলিৰ বজাৰত কেইবিধমান পাচলিৰ বাহিৰে দ্ৰুতগতিত হ্ৰাস পাইছে কবি তথা বেঙেনা আদি পাচলিৰ দাম(Vegetable market price in Kharupetia) । উচিত মূল্যৰ আশাত পুৱাৰ পৰা ঘন্টাৰ পিছত ঘন্টা বোন্দাপৰ দিও বেঙেনা, ফুলকবি, বন্ধাকবি আদিৰ উচিত মূল্য নাপায় হতাশাত ভাগি পৰিছে বহু পাচলি উৎপাদক ।
মাত্ৰ দুই তিনিদিন পূৰ্বে যি বেঙেনা ২৫ -৩০ টকা, ফুলকবি, বন্ধাকবি ১৫-২০ টকা প্ৰতি কেজিত বিক্ৰী হৈছিল, সেইসমূহ সতেজ পাচলি পাইকাৰী বজাৰত বিক্ৰী হৈছে ১২ টকাৰ পৰা ১৫ টকা দৰত(Kharupetia Mandi Bhav) । এফালে অত্যাধিক দৰত কিনিব লগা হৈছে সাৰ ঔষধ, বৃদ্ধি পাইছে শ্ৰমিকৰ মজুৰি । আনফালে আকৌ উৎপাদিত পাচলিৰ পানীৰ দৰে দাম । হাজাৰ হাজাৰ টকা খৰচ কৰি উৎপাদন কৰা পাচলিৰ দাম কমি যোৱাত চিন্তিত হৈ পৰিছে খেতিয়কসকল ।
পাচলিৰ মূল্য দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰাত হতাশাত ভাগি পৰিছে দৰিদ্ৰ পাচলি উৎপাদনকসকল(Vegetable price in Kharupetia) । উল্লেখযোগ্য যে প্ৰকৃত কৃষক আৰু বেপাৰীয়ে কোৱা মূল্যৰ মাজত আছে বৃহৎ পাৰ্থক্য । কৃষকে কয় এটা বেপাৰীয়ে কয় আন এটা ।
খাৰুপেটীয়াৰ বালুগাঁও বজাৰত শাক-পাচলিৰ প্ৰতি কিলোৰ দাম এনে ধৰণৰ -
অমিতা - ১২ টকা
ফুলকবি - ১২-১৬ টকা
তিতা কেৰেলা - ৩০ টকা
বন্ধাকবি - ১২-১৬ টকা
মূলা - ১৫ টকা
পানী লাও - ১৪-১৭ টকা
তিয়হ -৩০ টকা
বেঙেনা - ১২-১৫ টকা
জলকীয়া - ৬০ টকা
ভেন্দি - ৩০ টকা
উৰহী - ৪০-৫০ টকা
লেচেৰা - ৪০ টকা
ওলকবি - ২৫ টকা
কচু - ২০ টকা
ৰঙালাও - ১৩-১৪ টকা
লগতে পঢ়ক : Bike rally against Privatization: ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে বাইক ৰেলী