দলগাঁও, 13 মে' : ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাংলংঘী মূল্যবৃদ্ধিৰ জুয়ে দহিছে সাধাৰণ জনতাক । খাদ্য সামগ্ৰীৰ পৰা আদি কৰি সকলো বয়-বস্তুতেই হৈছে মুল্যবৃদ্ধি ৷ সমান্তৰালভাৱে শাক-পাচলিৰ বজাৰতো জ্বলিছে জুই । ৰাজ্যৰ বিভিন্ন চহৰ নগৰ সমূহত গ্ৰাহকে অধিক মূল্যত শাক-পাচলি ক্ৰয় কৰিছে যদিও প্ৰকৃততে কৃষকে লাভ কৰা নাই ইয়াৰ উচিত মূল্য (Vegetable growers deprived of fair prices in Kharupetia) ।
খাৰুপেটীয়াৰ কৃষকে হাজাৰ হাজাৰ টকা খৰচ কৰি কপালৰ ঘাম মাটিত পেলাই কষ্টৰ বিনিময়ত উৎপাদন কৰা সতেজ পাচলি গুৱাহাটীৰ লগতে বিভিন্ন চহৰ নগৰত দুগুণ-তিনিগুণ দামত বিক্ৰী হৈছে যদিও কৃষকে পোৱা নাই উচিত দাম । একমাত্ৰ মধ্যভোগীৰ বাবেই উচিত মূল্যৰ পৰা কৃষকসকল বঞ্চিত হোৱা বুলি কয় খাৰুপেটীয়াৰ কৃষকে ।
বৰ্তমান খাৰুপেটীয়াৰ বালুগাঁও পাইকাৰী পাচলি বজাৰত পাচলিৰ মূল্য এনেধৰণৰ- ফুলকবি ৩০-৪০ টকা (প্ৰতি কিলো), বেঙেনা ৩০ টকা, জিকা ১৬-২০ টকা, লাউ -২০-২৫ টকা প্ৰতিটো, কোমোৰা ২০-২৫ টকা, জিকা ২৫-৩০ টকা, বিলাহী ৩০-৪০ টকা, ভেন্দী ২৫-৩০টকা, তিয়ঁহ ২০-২৫ টকা, জলকীয়া ২০-২৫ টকা, লেচেৰা ২৫-৩০ টকা, কেৰেলা ৪০-৪৫ টকা, ভোল ১৮-২০ টকা, পটল ৪০ টকা, স্কোৱাছ ২০-২৫ টকা, ভাত কেৰেলা ৪০-৪৫ টকা ৷ এইসমূহ পাচলি পাইকাৰী দৰত এতিয়া প্ৰতিকিলো দৰত বিক্ৰী হৈছে খাৰুপেটীয়াৰ বালুগাঁৱৰ পাচলি বজাৰত ।
উল্লেখযোগ্য যে, খাৰুপেটীয়াৰ বালুগাঁও পাইকাৰী বজাৰত কোনো পাচলিৰ দাম গড় হিচাপত ২০ পৰা ৪০ টকাৰ ওপৰত নহয় যদিও এইসমূহ পাচলি বিভিন্ন অজুহাত দেখুৱাই দুগুণ তিনিগুণ দামত গুৱাহাটীৰ বিভিন্ন বজাৰত কেনেকৈ বিক্ৰী হয় বুলি সম্প্ৰতি প্ৰশ্ন উত্থাপন কৰে খাৰুপেটীয়াৰ খেতিয়ক জৰিপ আলিয়ে । অৱশ্যে চাহিদা অনুপাতে উৎপাদন যথেষ্ট কম বুলি কয় আন একাংশ কৃষকে ।
লগতে পঢ়ক : হালধি খেতিৰ পথাৰলৈ পশ্চিম জয়ন্তীয়া পাহাৰ-গাৰো পাহাৰৰ শ্ৰমিক