ETV Bharat / state

ওদালগুৰিত UPPL দলৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Oct 2, 2020, 7:21 PM IST

MGNREGA, জবকাৰ্ড,ভূৱা নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে ওদালগুৰিত UPPL ৰ তীব্ৰ প্ৰতিবাদ ।

 ওদালগুৰিত UPPL দলৰ তীব্ৰ  প্ৰতিবাদ
ওদালগুৰিত UPPL দলৰ তীব্ৰ প্ৰতিবাদ

দৰং, 2 অক্টোবৰ : BPF দলৰ ১৭ বছৰীয়া ৰাজত্ব কালৰ দুৰ্নীতিৰ বিৰুদ্ধে ওদালগুৰি জিলাত UPPL দলৰ সদস্য সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
BPF দলৰ ১৭ বছৰীয়া শাসন কালত MGNREGA কে ধৰি বিভিন্ন দিশত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ তুলি UPPL দলৰ সদস্য সকলে BPF ৰ বিৰুদ্ধে তদন্ত বিচাৰি গান্ধী জয়ন্তী দিনাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
উল্লেখযোগ্য যে, বিটিচি'ৰ অন্যান্য জিলাৰ দৰে ওদালগুৰি জিলাতো শুক্ৰবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত UPPL দলে ৰাতিপুৱা ৮ বজাৰ পৰা আবেলি ২টা বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
বিগত ১৭ বছৰে BPF চৰকাৰৰ দিনত সংঘটিত হোৱা MGNREGA, জবকাৰ্ড,ভূৱা নিযুক্তি কেলেংকাৰীৰ CBI তদন্ত বিচাৰি এই UPPL ৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
জিলাখনৰ কলাই গাাঁও ননৈচেৰফাং, খৈৰাবাৰী, ভেৰগাওঁ,ওদালগুৰি আদি বিভিন্ন ঠাইত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ফটো লৈ এই কাৰ্যসূচী পালন কৰে । তাৰোপৰি প্ৰতিবাদকাৰীসকলে ৰাজ্যপাল আৰু দেশৰ প্ৰধান মন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জড়িয়তে এখন স্মাৰক পত্ৰ প্ৰেৰন কৰে ।

লগতে পঢ়ক : জন্ম জয়ন্তীত লাল বাহাদুৰ শাস্ত্ৰীলৈ শ্ৰদ্ধাঞ্জলী প্ৰধানমন্ত্ৰী মোদীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.