ETV Bharat / state

Minister A Narayanaswamy visits Darrang : দৰঙত চৰকাৰী আঁচনি পৰ্যবেক্ষণ কেন্দ্ৰীয় মন্ত্ৰী এ নাৰায়ণাস্বামীৰ

author img

By

Published : Dec 25, 2021, 9:51 AM IST

Updated : Dec 25, 2021, 10:23 AM IST

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় তথা সবলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী এ নাৰায়ণাস্বামীৰ দৰং ভ্ৰমণ (Minister A Narayanaswamy visits Darrang) ৷ জিলাখনৰ চৰকাৰী আঁচনিসমূহৰ খতিয়ান ল’লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Union Minister A Narayanaswamy reviewed government schemes) ৷

Minister A Narayanaswamy visits Darrang
দৰঙত চৰকাৰী আঁচনি পৰ্যবেক্ষণ কেন্দ্ৰীয় মন্ত্ৰী এ নাৰায়ণাস্বামীৰ

দৰং, 25 ডিচেম্বৰ : কেন্দ্ৰীয় মন্ত্ৰী এ নাৰায়ণাস্বামীৰ দৰং ভ্ৰমণ (Minister A Narayanaswamy visits Darrang) ৷ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় তথা সবলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী এ নাৰায়ণাস্বামীয়ে ৷

বিভিন্ন বিলাসী জিলা আঁচনিৰ সৈতে জড়িত সমাজ কল্যাণ, স্বাস্থ্য, জনস্বাস্থ্য, কাৰিকৰী শিক্ষা ইত্যাদি বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী (Union Minister A Narayanaswamy reviewed government schemes) ৷

শুকুৰবাৰে পুৱা 10 বজাৰ পৰা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা বৈঠকখনত দৰং জিলাখনক এখন বিকশিত জিলালৈ ৰূপান্তৰিত কৰাৰ মানসেৰে চৰকাৰে হাতত লোৱা আঁচনি তথা পৰিকল্পনা সমূহৰ বিতং বিৱৰণ বিচাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ এই আঁচনি সমূহ কেনেকৈ অধিক সফলতাৰে ৰূপায়ণ কৰিব পৰা যাব, তাৰ ওপৰতো ব্যাখ্যা আগবঢ়াই মন্ত্ৰীগৰাকীয়ে ৷

শিশুসকলৰ বাবে অসম চৰকাৰে লোৱা কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে সংশ্লিষ্ট বিষয়াসকলৰ পৰা বিস্তৃত বিৱৰণ বিচাৰে মন্ত্ৰী নাৰায়ণাস্বামীয়ে ৷ লগতে শিশুসকলৰ মাজত পুষ্টিহীনতাৰ দূৰ কৰিবলৈ সমাজ কল্যাণ তথা স্বাস্থ্য বিভাগে লোৱা পদক্ষেপসমূহৰ বিষয়েও বুজ লয় তেওঁ ৷ সমান্তৰালকৈ সমাজ কল্যাণ বিভাগে সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে লোৱা পদক্ষেপসমূহৰো খতিয়ান বিচাৰে বিষয়াসকলৰ পৰা ৷

মন্ত্ৰী গৰাকীয়ে উপস্থিত বিষয়াসকলক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে শিশুৰ লগতে সামাজিক আৰু আৰ্থিকভাৱে পিছপৰি থকা লোকসকলৰ বাবে লোৱা আঁচনিসমূহক প্ৰকৃতাৰ্থত কাৰ্যকৰী কৰিবলৈ অনুৰোধ জনায় ৷ বৈঠকৰ পিছত সাংবাদিকৰে হোৱা মত বিনিময়ত মন্ত্ৰী গৰাকীয়ে দেশৰ অন্য প্ৰান্তৰ বিপৰীতে অসমত অস্পৃশ্যতাৰ দৰে কু-প্ৰথাক সমাজত স্থান নিদিয়াৰ বাবে অসমৰ জন সাধাৰণক ধন্যবাদ জনোৱাৰ লগতে চৰকাৰে অনুসূচীত জাতিৰ লোকৰ বাবে লোৱা পদক্ষেপসমূহৰো শলাগ লয় (A Narayanaswamy praises assam for removing evil practice untouchability) ৷

দৰং জিলা পৰ্যবেক্ষণৰ অন্তত তেওঁ মঙলদৈস্থিত নগৰ বালিকা বিদ্যালয়ত উপস্থিত হৈ শিক্ষানুষ্ঠানখনৰ ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে ৷ তদুপৰি ছাত্ৰীসকলক একাগ্ৰতাৰে শিক্ষাগ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷

মন্ত্ৰীগৰাকীৰ সৈতে জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰমেন চন্দ্ৰ মালাকাৰ, জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকা, অতিৰিক্ত উপায়ুক্ত ক্ৰমে পংকজ ডেকা, সঞ্জীৱ বৰা, পল্লৱী কছাৰীৰ উপৰিও মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে মত বিনিময় কৰে ৷

লগতে পঢ়ক : নিয়োগ মেলাত বেমেজালি: মন্ত্ৰী চন্দ্ৰমোহনৰ নিৰ্দেশত নিলম্বিত দুই বিষয়া

Last Updated : Dec 25, 2021, 10:23 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.