ETV Bharat / state

১৯৯১ চনৰ ২৭ জুলাই: এই দিনটোত আজিও উচুপে কাৰোবাৰ আত্মীয়ই

১৯৯১ চনৰ ২৭ জুলাই ৷ ২৭ জুলাইৰ দিনটোত আজিও উচুপি উঠে কাৰোবাৰ আত্মীয়ই ৷ এই দিনটোৰ আছে এক বিশেষ তাৎপৰ্য ৷ 1991 চনৰ পাচৰে পৰাই এই বিশেষ দিনটো আলফা (স্বা) ই পালন কৰি আহিছে শ্বহীদ দিৱস হিচাপে কিন্তু কিয় ?

আজিও উচুপে কাৰোবাৰ আত্মীয়ই
আজিও উচুপে কাৰোবাৰ আত্মীয়ই
author img

By

Published : Jul 27, 2020, 8:08 PM IST

দৰং, 27 জুলাই: 1991 চনৰ এই দিনটোতে আলফা সজাই একেলগে গুলীয়াই হত্যা কৰা হৈছিল দৰঙৰ 5 গৰাকী নিৰীহ গঞাক ৷ ভাৰতীয় অৰ্ধ সামৰিক বাহিনীৰ নিৰ্মম অত্যাচাৰত প্ৰাণ হেৰুৱাইছিল সেই 5 গৰাকীকৈ গঞাই ৷ দিপীলাৰ এখন কাঠৰ দলঙত ভাৰতীয় অৰ্ধ সামৰিক বাহিনীৰ গাড়ীলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰিছিল সংযুক্ত মুক্তি বাহিনী অসমৰ সদস্যই ৷ সেই ঘটনাৰ পাচতেই নিৰাপত্তাৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাছিল কোনো লোক ৷ সাৰি যোৱা নাছিল খেতি পথাৰৰ কামত ব্যস্ত খেতিয়ক,শিক্ষককে ধৰি মিস্ত্ৰীৰ পৰা নৰিয়াত পৰা আত্মীয়ৰ বাবে দৰৱ আনিবলৈ যোৱা শিক্ষিত যুৱকো ৷

১৯৯১ চনৰ ২৭ জুলাই: এই দিনটোত আজিও উচুপে কাৰোবাৰ আত্মীয়ই

সেইদিনা আছিল ১৯৯১ চনৰ ২৭ জুলাই ৷ দিপীলাৰ 5 গৰাকী লোকক মাতি আনিলে অৰ্ধ সামৰিক বাহিনী জোৱানে ৷ ভিন্ন সোধ-পোছৰ অন্তত তেওঁলোকক যাবলৈ দিয়া হ'ল এখন পথাৰৰ মাজেৰে ৷ পথাৰৰ মাজেৰে যাবলৈ দি পিচফালৰ পৰা তেওঁলোকক উদ্যেশ্যি ধাৰাসাৰ গুলীবৰ্ষন কৰে নিৰাপত্তাৰক্ষীয়ে ৷ থিতাতে নিহত হৈ পথাৰৰ মাজতে পৰি ৰৈছিল বিদ্যালয়ত টিউচন কৰি নিজৰ উপাৰ্জনৰ পথ বাছি লোৱা গনেশ ডেকা, শিক্ষিত যুৱক প্ৰমোদ কলিতা,হস্ততাঁত বস্ত্ৰ বিভাগত কৰ্মৰত কৰুণা কলিতা,ৰাজমিস্ত্ৰী চন্দ্ৰ বৰুৱা আৰু পথাৰত ঘাঁহ কাটিবলৈ যোৱা কৃষক কেশৱ ডেকা ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল দিলীপ কলিতা আৰু গিৰিন্দ্ৰ কলিতা নামৰ দুগৰাকী লোক ৷ ভৰিত দুটাকৈ গুলী লগা গিৰিন্দ্ৰ কলিতাই কোনোমতে পলাই সাৰিছিল নিৰাপত্তা বাহিনীৰ কবলৰ পৰা ৷ মাটি বিক্ৰী কৰি গিৰিন্দ্ৰ কলিতাই ভৰিৰ পৰা এটা গুলী উলিয়াবলৈ সক্ষম হ'ল যদিও,আজিলৈ আনটো গুলী উলিয়াবলৈ সক্ষম নহ'ল তেওঁ ৷ যাৰ বাবে সেই দিনটোৰ পৰাই পংগুত্বৰ জীৱন অতিবাহিত কৰিবলগীয়া হয় লোকগৰাকীয়ে ৷ আজিলৈ সেই নিহত সকলৰ লগতে আহত সকলৰ পৰিয়ালে কোনো ধৰণৰ সাহায্য লাভ কৰা নাই যদিও, দিন হাজিৰা কৰি চাৰিজনীয়া পৰিয়ালটি পোহপাল দি আছে গিৰিন্দ্ৰ কলিতাই ৷

পথাৰৰ মাজেৰে যাবলৈ দি পিচফালৰ পৰা গুলীয়াই হত্য কৰা হৈছিল 5 গৰাকী নিৰীহ গঞাক

আজিও 27 জুলাইৰ সেই কালিমা লগা দিনটোত স্বামীৰ ফটোখন বুকুৰ মাজত লৈ উচুপি উঠিল কৃষক কেশৱ কলিতাৰ পত্নীয়ে ৷ আজিও আতংকিত হৈ পৰে বাৰুদ-গুলীৰ শব্দবোৰ মনলৈ ভাহি আহিলে ৷ ন্যায়ালয়ে আহত আৰু নিহত লোক সকলক নিৰপৰাধী বুলি ঘোষণা কৰিলে যদিও আজিলৈ ন্যায় নাপালে নিৰীহ লোকসকলৰ পৰিয়ালে ৷

লগতে পঢ়ক: সুখবৰ: লাওখোৱা অভয়াৰণ্যত বাঘৰ সফল প্ৰজনন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.