ETV Bharat / state

বেছিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২

author img

By

Published : Jan 10, 2021, 9:12 PM IST

দলগাঁৱৰ বেছিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ খাৰুপেটীয়াৰ পৰা লালপুল অভিমুখে গৈ থকা তীব্ৰবেগী মালবাহী ট্ৰাকৰ খুন্দাত দুজন লোক নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় আন দুজন লোক ৷

দলগাঁৱৰ বেছিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত ২

দলগাঁও,১০ জানুৱাৰী : দলগাঁৱৰ বেছিমাৰীত দেওবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ খাৰুপেটীয়াৰ পৰা লালপুল অভিমুখে গৈ থকা As-13F- 0975 নম্বৰৰ বাইকখনত পিছফালৰ পৰা আহি থকা এখন তীব্ৰবেগী মালবাহী ট্ৰাকে (PB-03AT-9854) খুন্দিয়ায় ৷ ফলত বাইকত থকা চাৰি জন আৰোহীৰ দুজন থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰ ভাৱে আহত হয় ৷

আহত দুজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও এজনৰ অৱস্থা সংকটজনক হোৱাৰ লগতে আন জন সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ বৰ্তমানলৈকে মৃত লোক দুজনৰ কোনো পৰিচয় লাভ কৰা নাই আৰক্ষীয়ে ৷

লগতে পঢ়ক: ঐতিহাসিক নেতাই ধুবুনী ঘাটত বিসৰ্জন প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.