ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10

5 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 5PM
5 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Oct 12, 2021, 4:58 PM IST

লুইতৰ বুকুত পুনৰ ফেৰীৰ অঘটন

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ মাজত অঘটন । নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ ঢৌ মাৰ নাযাওঁতেই আন এক ভয়াৱহ পৰিস্থিতিয়ে লুইতৰ বুকুত যাত্ৰীৰ প্ৰাণৰ প্ৰতি কঢ়িয়াই আনিলে ভাবুকি ৷

ঐতিহাসিক পৰম্পৰাৰে কামাখ্যাত অনুষ্ঠিত দুৰ্গোৎসৱ

ঐতিহাসিক পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰে সোমবাৰৰ পৰা কামাখ্যা দেৱালয়ত আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ দুৰ্গা পূজাৰ সময়ত মা কামাখ্যাৰ আশীষ ল’বলৈ দেৱালয়লৈ সমাগম ঘটিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ । দেৱালয়ৰ বৰদলৈ মোহিত চন্দ্ৰ শৰ্মাই সদৰী কৰা অনুসৰি, চৰকাৰে জাৰি কৰা সম্পূৰ্ণ ক’ভিড নীতি-নিয়ম মানি এইবাৰো কামাখ্যা দেৱালয়ত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে । কামাখ্যাৰ মূলপীঠতে আয়োজন কৰা হয় দুৰ্গা পূজাৰ । দেৱালয়ত মূৰ্তি পূজা কৰা নহয় আৰু সেয়ে মূৰ্তি বিসৰ্জনো কৰা নহয় । দুৰ্গা পূজাৰ অংশ হিচাপে নৱৰাত্ৰিৰ পৰা কুমাৰী পূজা আৰম্ভ হৈছে । মুঠ ৪৫ গৰাকী কুমাৰীক পূজা কৰা হ’ব । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি বলি-বিধানো দিয়া হ’ব । দেৱালয়ৰ তৰফৰ পৰা সপ্তমীৰ পৰা নৱমীলৈ ৪ টা ম’হ বলি দিয়া হ’ব ৷ ৰাইজৰ ফালৰ পৰা কিমান ম’হ বলি দিয়া হ’ব এতিয়ালৈ দেৱালয় কৰ্তৃপক্ষৰ হাতত হিচাপ নাই । তেওঁ লগতে এইবাৰ ক’ভিডৰ বাবে আগতকৈ ভক্তৰ সংখ্যা হ্ৰাস পোৱা বুলি জানিবলৈ দিয়ে ৷

শ্বিলঙৰ পঞ্জাৱী লেনৰ স্থানান্তৰৰ বিৰোধিতা শিখ সকলৰ

মেঘালয় চৰকাৰে ৰাজ্যখনৰ পঞ্জাৱী লেনত বাস কৰা লোকসকলক অন্য ঠাইলৈ স্থানান্তৰৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ইয়াৰ বাসিন্দাসকল ৷ মেঘালয় চৰকাৰৰ এই অবৈধ, বে-আইনী আৰু অনৈতিক কাৰ্যক সমৰ্থন নকৰাৰ হুংকাৰ শিখ লোকসকলৰ ৷

পিছুৱাই দিয়া হৈছে ৰাজ্যিক টেট পৰীক্ষা

2021 বৰ্ষৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ টেট পৰীক্ষা(TET) চলিত বৰ্ষৰ 31 অক্টোবৰত অনুষ্ঠিত হ’ব ৷ পূৰ্বে 24 অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল ৰাজ্যৰ টেট পৰীক্ষা ৷

পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিয়ে চিন্তাত পেলাইছে সাধাৰণ জনতাক

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক । তাৰমাজতে অৱশেষত পেট্ৰ’লৰ মূল‍্যই শতকৰ ঘৰ অতিক্ৰম কৰিলে । ইপিনে ৰঙিয়া পৰা প্ৰায় ৫০ কিলোমিটাৰ আঁতৰৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৪৯.৫৬ টকা । কিন্তু ৰঙিয়াত প্ৰতি লিটাৰত পেট্ৰ’লৰ মূল্য হৈছেগৈ ১০০.৭৬ টকা । যাৰবাবে পূজাৰ বতৰত সাধাৰণ শ্ৰেণীৰ লোকসকলৰ উপায় নোহোৱা হৈছে । পৰিয়াল পোহপাল দিব নে নিজৰ দুচকীয়া বাহনত পেট্ৰ’ল ভৰাব তাক লৈ চিন্তিত হৈ পৰিছে সাধাৰণ জনতা । ইফালে ৰাজ্য চৰকাৰে পেট্ৰ’লৰ মূল্য ৰোধ কৰিব নোৱাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে সাধাৰণ জনতা । তাৰমাজতে পেট্ৰ’লৰ মূল্যবৃদ্ধি সম্পৰ্কে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কৰা মন্তব্যৰ সৰ্ম্পকত জাঙুৰ খাই উঠিছে সৰ্বসাধৰণ জনতা ।

পূজা চাবলৈ শিলচৰ পালেগৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মহা সপ্তমী(Maha Saptami)ৰ দিনা শিলচৰৰ উধাৰবন্দৰ কাঁচাকান্তি মন্দিৰ(Kanchakanti Temple)ত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) ৷ উত্তৰ-পূৱৰ ঐতিহ্যমণ্ডিত উধাৰবন্দৰ কাঁচাকান্তি মন্দিৰ দৰ্শন কৰি মন্দিৰত পূজা-অৰ্চনা কৰাৰ লগতে কাঁচাকান্তি বিদ্যামন্দিৰ বিদ্যালয় পৰিদর্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, এই বিশেষ পূজাখনলৈ আমন্ত্ৰণ জনোৱা হৈছিল মুখ্যমন্ত্ৰী শৰ্মাক ৷ কিয়নো কিছুদিন পূৰ্বে শিলচৰত উপস্থিত হৈ এইবাৰ সপ্তমী পূজা শিলচৰত উপভোগ কৰিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

অভিনেত্ৰী শ্ৰীয়া চৰণৰ ঘৰত নতুন আলহীৰ আগমন

‘Drishyam’ ৰ অভিনেত্ৰী শ্ৰীয়া চৰণ(Shriya Saran) বৰ্তমান এটি কন্যা সন্তানৰ মাতৃ ৷ সোমবাৰে ইনষ্টাগ্ৰামযোগে এই আনন্দৰ কথা ব্যক্ত কৰে শ্ৰীয়া আৰু তেওঁৰ ৰাছিয়ান স্বামী আন্দ্ৰেই কোচ্চিভে(Andrei Koscheev) ৷

RCB ৰ অধিনায়ক পদ ত্যাগ বিৰাট কোহলীৰ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু(RCB)ৰ পৰা আনুষ্ঠানিকভাৱে অধিনায়ক(Captain) পদ এৰিলে বিৰাট কোহলী(Virat Kohli)য়ে ৷ চলিত বৰ্ষৰ আই পি এল(IPL)ত সোমবাৰে কলকাতা নাইট ৰাইডাৰ্ছ(KKR)ৰ সৈতে হোৱা মেচত পৰাজয় বৰণ কৰি বেংগালুৰুৱে এইবাৰৰ আই পি এলৰ পৰা বাহিৰ হয় ৷ ইয়াৰ পাচতে পূৰ্বৰ ঘোষণা অনুসৰি মঙলবাৰে RCB ৰ অধিনায়কত্ব ত্যাগ কৰে কোহলীয়ে ৷ কোহলীৰ পদত্যাগৰ পাচতে টুইটাৰত অনুৰাগী আৰু প্ৰশংসকসকলে তেওঁক লৈ ‘End Of An Era’ ট্ৰেণ্ডৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷

মানৱ অধিকাৰ আয়োগৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী মোডীৰ অংশগ্ৰহণ

১৯৯৩ চনৰ ১২ অক্টোবৰৰ দিনটোতে স্থাপন হৈছিল ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ । আয়োগৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডীৰ লগতে বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ ।

সুদৰ্শন পাটনায়কৰ হাতৰ পৰশত প্ৰাণ পাইছে দেৱী দুৰ্গাই

দেশৰ ভিন্ন প্ৰান্তত দেৱী দুৰ্গাৰ পূজা-অৰ্চনা অব্যাহত আছে । ওড়িশাৰ প্ৰতিটো পূজা মণ্ডপতে চলিছে দেৱীৰ আৰাধনা । তাৰ মাজতে শিল্পী সুদৰ্শন পাটনায়কৰ হাতৰ পৰশত প্ৰাণ পাই উঠা দেৱী দুৰ্গাৰ প্ৰতিমাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । শিল্পীগৰাকীয়ে পুৰীৰ সাগৰৰ তীৰত নিৰ্মাণ কৰিছে প্ৰতিমাখনি । বালিৰ ওপৰত সাগৰীয় শামুকৰ খোলা ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে দেৱীৰ প্ৰতিমা । দুৰ্গা পূজাৰ মহাসপ্তমী উপলক্ষে শিল্পী সুদৰ্শন পাটনায়কৰ এই পদক্ষেপ গ্ৰহণ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.