ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি - Ranjit Bora Murder Case

11 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-11am
11 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Dec 8, 2022, 11:30 AM IST

Bharat Jodo Yatra in Kota : ৰাহুল গান্ধীৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা যুৱকৰ

ৰাজস্থানত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত অঘটন । তেওঁৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ (Young man tried to commit suicide)। যুৱকজনক ততালিকে এখন এম্বুলেন্সত ঝালাৱাৰ ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।

Tribute to Gen Vipin Rawat: আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্যু বাৰ্ষিকী

আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্য়ু বাৰ্ষিকী (Gen Vipin Rawat death anniversary) ৷ 2021 চনৰ আজিৰ দিনটোতেই কন্নুৰত ভাৰতীয় সেনাৰ এখন Mi-17V-5 হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱাত মৃত্যু ঘটে জেনেৰেল ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটসহ হেলিকপ্টাৰখনত থকা 14 গৰাকী আৰোহীৰ (CDS chopper crashed) ৷ প্ৰথম মৃত্যু বাৰ্ষিকীত জেনেৰেল বিপিন ৰাৱাটলৈ ইটিভি ভাৰত অসমৰ তৰফৰ পৰা জনালোঁ গভীৰ শ্ৰদ্ধা ৷

Ranjit Bora Murder Case : ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত ব্যৱহৃত বাইক-পিষ্টল জব্দ

গুৱাহাটীৰ পাঞ্জাবাৰীত সংঘটিত পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে(Purabi Dairy employee Ranjit Bora murdered) । ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত মহানগৰ আৰক্ষীয়ে ইতিমধ্যে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে(Accused arrested in Ranjit Bora murder case) ৷ বুধবাৰে মহানগৰ আৰক্ষীয়ে ৰঞ্জিত বৰা হত্যাকাণ্ডত ব্যৱহৃত বাইক, পিষ্টলো জব্দ কৰিবলৈ সক্ষম হয় ৷

Road accident in Boko: পথ দুৰ্ঘটনাত নিহত বি পি চলিহা মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তা

বকোৰ লামপাৰাত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Boko) । নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এখন আল্ট্ৰা বাছ । এই শোকাৱহ দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাছখনত থকা এজন যাত্ৰী ৷ ঘটনাৰ বিৱৰণী অনুসৰি বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এখন ই-ৰিক্সাক খুন্দিয়াই ৷ তাৰ পিছত পথৰ দাঁতিৰ দুখন দোকানক মহতিয়াই নিয়ে ৷ ফলত ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় ড৹ অঞ্জনজ্যোতি বৰা নামৰ যাত্ৰীজন (B P Chaliha College lecturer died)।

Strange incident of ITI authorities: শিক্ষাৰ্থীৰ প্ৰমাণপত্ৰ ফলাৰ অভিযোগ ITI কৰ্তৃপক্ষৰ বিৰুদ্ধে

বামুনিমৈদামস্থিত ITI কৰ্তৃপক্ষৰ নাভূত নাশ্ৰুত কাণ্ড ! শিক্ষাৰ্থীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল প্ৰমাণপত্ৰ ফালিলে ITI কৰ্তৃপক্ষই, লগতে ৰঙা চিয়াঁহীৰে প্ৰমাণ পত্ৰত Cancel বুলিও লিখিলে কৰ্তৃপক্ষই । এই অভিযোগ প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ একাংশ ভুক্তভোগী শিক্ষাৰ্থীৰ ৷

Light and sound show: গান্ধী মণ্ডপত মন্ত্ৰীমণ্ডল সমন্বিতে মুখ্যমন্ত্ৰীয়ে উপভোগ কৰিলে লাইট এণ্ড ছাউণ্ড শ্ব’

গান্ধীমণ্ডপত বুধবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ বৈঠকৰ পাছতে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰীবৰ্গই গান্ধীমণ্ডপ চৌহদতে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ উদ্যোগত পৰিবেশিত পোহৰ আৰু ধ্বনি প্ৰদৰ্শনী (লাইট এণ্ড ছাউণ্ড শ্ব') উপভোগ কৰে (Light and sound show)।

Tinsukia Student leader death: ক্ৰেছাৰ মেচিনত সোমাই প্ৰাক্তন ছাত্ৰনেতাৰ ৰহস্যজনক মৃত্যু

ডিমা হাচাওত ৰহস্যজনক অৱস্থাত মৃত্যু তিনিচুকীয়াৰ আছুৰ প্ৰাক্তন ছাত্ৰনেতাৰ ৷ ক্ৰেছাৰ মেচিনত সোমাই মৃত্যু সদৌ অসম ছাত্ৰ সন্থাৰ ফিল'বাৰী আঞ্চলিক সমিতিৰ প্ৰাক্তন উপ-সভাপতি অশোক বৰশইকীয়াৰ ৷

Cabinet meeting at Gandhi Mandap: বন্ধ হ’ব গৰ্ভৱতী মহিলাৰ বাবে থকা আদৰণি সেৱা

আজি মহানগৰীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হৈ যায় কেবিনেট বৈঠক(Cabinet meeting at Gandhi Mandap) ৷ কেবিনেটত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সন্ধিয়া আয়োজন কৰা সংবাদ মেলযোগে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM press conference in Gandhi Mandap) ৷

MCD Election results: বিজেপিৰ স্বপ্ন ভংগ কৰি আপৰ দখলত দিল্লী পৌৰ নিগম

দিল্লী পৌৰ নিগম চতুৰ্থবাৰলৈ দখলৰ বিজেপিৰ সপোন চাৰখাৰ ৷ আম আদমী পাৰ্টীয়ে একক সংখ্যগৰিষ্ঠতাৰে দিল্লী পৌৰ নিগমত নিজৰ আধিপত্য স্থাপন কৰে ৷ 2007 চনৰ পৰাই একেৰাহে তিনিবাৰকৈ দিল্লী পৌৰ নিগম নিজৰ দখলত ৰাখিছিল বিজেপিয়ে ৷

Sonari incident: সতীৰ্থ হত্যাকাৰী দীপক কাকতিৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি

ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে চৰাইদেউ জিলাৰ সোণাৰি সদৰ থানাৰ চৌহদত মঙলবাৰে পুৱাই সংঘটিত হোৱা চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাই (Sonari police thana incident)। কিয়নো সদৰ থানাৰ চৌহদতে আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে এজন সতীৰ্থক । গুলী চালনাত নিহত হৈছিল গকুল বসুমতাৰী নামৰ আৰক্ষীজন । দীপক কাকতি নামৰ জোৱানজনৰ গুলীত নিহত হয় গকুল বসুমতাৰী । ঘটনাৰ পাছতে গুলীবিদ্ধ গকুল বসুমতাৰীক ততাতৈয়াকৈ চৰাইদেউ ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত্যু হয় গকুল বসুমতাৰীৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.