ETV Bharat / state

মঙলদৈত এআইইউডিএফ-ৰ টিকটকেন্দ্ৰিক সংঘাত অব্যাহত

author img

By

Published : Mar 13, 2021, 7:19 PM IST

Updated : Mar 13, 2021, 10:11 PM IST

মঙলদৈত এআইইউডিএফ-ৰ টিকটক লৈ সৃষ্টি হৈছে অৰিয়া-অৰি ৷

মঙলদৈত AIUDF ৰ টিকট কেন্দ্ৰীক সংঘাট
মঙলদৈত AIUDF ৰ টিকট কেন্দ্ৰীক সংঘাট

মঙলদৈ,13 মাৰ্চ: দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা ৬৭ নম্বৰ মঙলদৈ বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ শুকুৰবাৰে আছিল অন্তিম দিন । কিন্তু মনোনয়ন দাখিলৰ সময়ত এক অথন্তৰে দেখা দিছে সমষ্টিটোত । এআইইউডিএফ দলে কংগ্ৰেছ দলৰ সৈতে কৰা মিত্ৰতাৰ খাতিৰত মঙলদৈত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা নাছিল, যদিও বিৰোধীৰ চক্ৰান্তত দলটোৱে দুজন লোকক একেটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে ।

জানিব পৰা মতে, শেহতীয়াকৈ এআইইউডিএফ দলে মঙলদৈ সমষ্টিৰ বাবে মতিলাল মণ্ডল আৰু অজয় কুমাৰ ৰয়ক প্ৰাৰ্থিত্ব প্ৰদান কৰাত বিমোৰত পৰিছে দুয়োগৰাকী প্ৰাৰ্থী । মতিলাল মণ্ডলৰ হাতত প্ৰাৰ্থিত্বৰ মূল নথি থকাৰ বিপৰীতে অজয় কুমাৰ ৰয়ৰ হাতত আছে প্ৰতিলিপি ৷ এইক্ষেত্ৰত আমিনুল ইছলামক বিষয়টো সম্পৰ্কত ফোনযোগে সোধাত মতিলাল মণ্ডলক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি স্পষ্ট কৰি দিয়ে ।

এআইইউডিএফ-ৰ টিকটকেন্দ্ৰিক সংঘাত অব্যাহত

এতিয়া ৰিটাৰ্ণিং বিষয়াৰ ওপৰত নিৰ্ভৰ কৰিব কোনগৰাকী প্ৰাৰ্থী প্ৰকৃততে এআইইউডিএফ-ৰ দলীয় প্ৰতীকত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ লাভ কৰিব । এই ঘটনাটোৱে দলটোৰ ভিতৰচ’ৰাত যে খেলিমেলি আছে তাক উদঙাই দিছে ।

উল্লেখ্য যে, এই সন্দৰ্ভত অজয় ৰয়ে দৰঙৰ আৰক্ষী অধীক্ষকৰ জৰিয়তে শনিবাৰে এজাহাৰ দাখিল কৰিছে । চৈয়দুৰ ৰহমান, ইউছুফ আলী আৰু মজিবুৰ ৰহমানে টিকটক লৈ খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰি দাখিল কৰে এই এজাহাৰ । এই সন্দৰ্ভত মঙলদৈ থানাত ১১০ নং ত গোচৰ ৰুজু হৈছে । অৱশ্যে সাংবাদিকৰ আগত এই বিষয়ে কোনো মন্তব্য দিয়াৰ পৰা বিৰত আছে দুয়োগৰাকী প্ৰাৰ্থী ৷

লগতে পঢ়ক: COVID-১৯: ভাৰতত নতুনকৈ ২৪,৮৮২ জন আক্ৰান্ত

Last Updated : Mar 13, 2021, 10:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.