দৰং,28 ডিচেম্বৰ: মঙলদৈ বৰসত্ৰৰ ন-বোৱাৰী কৃষ্ণামনি বৈশ্যৰ মৃত্যুক কেন্দ্ৰ কৰি আজি পুনৰ বোৱাৰী গৰাকীৰ স্বামী গৃহত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত ৰাইজে মঙলদৈৰ তামুলীপাৰাস্থিত স্বামী গৃহৰ চোতালত বোৱাৰী গৰাকীৰ মৃতদেহ সৎকাৰ কৰি জ্বলাই দিয়ে মৃত বোৱাৰী গৰাকীৰ স্বামী গৃহ ৷ ঘটনাৰ খবৰ লাভ কৰাৰ পিছত ঘটনাস্থলীত দৰং আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ বৰ্তমানেও পলাতক অভিযুক্ত স্বামী গৌতম বৈশ্য, শহুৰ খীতেশ্বৰ বৈশ্য আৰু শাহু দৈৱকী বৈশ্য ৷
উল্লেখ্য যে, দেওবাৰে মঙলদৈ বৰসত্ৰ তামুলীপাৰাৰ নিজ স্বামী গৃহত ৰহস্যজনক ভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল কৃষ্ণামনি বৈশ্য নামৰ নৱ বিবাহিতা বোৱাৰী গৰাকীৰ মৃতদেহ ৷ ইয়াৰ পাছতে স্থানীয় ৰাইজে স্বামী গৃহত সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতি ৷ পৰকীয়া প্ৰেমৰ বাবেই স্বামী পৰিয়ালে বোৱাৰী গৰাকীক হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ উক্ত ঘটনাৰ পাছৰে পলাতক অৱস্থাত আছে স্বামী পৰিয়ালৰ আটাইকেইজন লোক ৷