দৰং, 20 আগষ্ট: ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ঘোষণা কৰিলে প্ৰাদেশীকৃত বিদ্যালয়সমূহৰ নাম ৷ এই ঘোষণাৰ পাচতে বহু শিক্ষকৰ মুখত হাঁহি বিৰিঙি উঠিল যদিও, একাংশ শিক্ষকৰ মুখত ফুটি উঠিল হতাশাও ৷ যাৰ বাবে বৃহস্পতিবাৰে দৰং জিলাৰ শিক্ষা বিষয়াৰ ওচৰত হাজিৰ হ'ল জিলাখনৰ ১৩ খন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ৷ ৰাজ্যৰ ৩৫৫ খন উচ্চ মাধ্যমিক, হাইস্কুল, হাই মাদ্ৰাছা আদি বিদ্যালয় প্ৰাদেশীকৃত কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে ৷ কিন্তু প্ৰাদেশীকৰণৰ তালিকাৰ পৰা দৰঙৰ একাংশ বিদ্যালয় বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিলে একাংশ শিক্ষকে ৷
প্ৰাদেশীকৰণৰ বাবে দৰঙৰ ১৪ খন বিদ্যালয়ে আবেদন কৰিছিল যদিও, তাৰ ভিতৰত কেৱল কাৱাদঙা হাইস্কুল খনহে অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰে শিক্ষক সকলে ৷ ২০০৪, ২০০৫, ২০০৬ চনত স্বীকৃতিপ্ৰাপ্ত ৯ খন বিদ্যালয়ৰ লগতে, ২০০৭ চনত স্বীকৃতিপ্ৰাপ্ত ৫ খন বিদ্যালয়ে আবেদন কৰিছিল ৷ জানিব পৰা মতে, প্ৰায় কেইখন বিদ্যালয়ৰে নথি পত্ৰ, ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ লগতে উত্তীৰ্ণৰ হাৰ প্ৰায় সমান বা তাতোকৈয়ো অধিক ভাল ৷ কিন্তু ইমানৰ পাচতো এখনহে বিদ্যালয় প্ৰাদেশীকৰণ হোৱাৰ বাবে সম্প্ৰতি হতাশাত ভাগি পৰিছে বঞ্চিত শিক্ষক সকল ৷ বঞ্চিত শিক্ষক সকলে পুনৰ প্ৰাদেশীকৰণৰ বিষয়টো চৰকাৰক ভালদৰে বিবেচনা কৰি চাবলৈ সংবাদ মাধ্যমযোগে আহ্বান জনালে ৷
লগতে পঢ়ক: অসমীয়া পৰম্পৰা জীয়াই ৰখাৰ কাকপথাৰবাসীৰ অনন্য প্ৰয়াস