ETV Bharat / state

দলগাঁৱত বিফল স্বচ্ছ ভাৰত অভিযান আঁচনি - স্বচ্ছ ভাৰত অভিযান

স্বচ্ছ ভাৰত অভিযান আঁচনিৰ নগ্ন স্বৰূপ দলগাঁৱত ৷ দলগাঁৱৰ মাজমজিয়াস্থিত ৰাজ্যিক চিকিৎসালয়ৰ গাতে লাগি থকা জাৱৰৰ দমে উদঙাইছে স্বচ্ছ ভাৰত অভিযান আঁচনিৰ প্ৰকৃত ছবি ৷ কাণসাৰ নাই স্থানীয় বজাৰ সমিতিৰ ৷

Swasscha Bharat Abhijan dalgaon darrang assam etv bharat news
স্বচ্ছ ভাৰত অভিযান আঁচনিৰ নগ্ন স্বৰূপ
author img

By

Published : Sep 27, 2020, 1:37 PM IST

দলগাঁও,27 ছেপ্তেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক সপোন হৈছে স্বচ্ছ ভাৰত অভিযান আঁচনি ৷ কিন্তু স্বচ্ছ ভাৰত অভিযান আঁচনিৰ প্ৰকৃত ছবিখন প্ৰত্যক্ষ কৰিলে চকু কপালত উঠিব আপোনাৰো ৷ দলগাঁৱত স্বচ্ছ ভাৰত অভিযান আঁচনিৰ নামত দেখা গৈছে বিপৰীত প্ৰতিচ্ছবি ৷ দলগাঁৱৰ মাজ মজিয়াস্থিত ৰাজ্যিক চিকিৎসালয় আৰু দৈনিক বজাৰৰ মধ্যস্থলৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জমা হৈ থকা জাৱৰৰ দমে অতিষ্ঠ কৰি তুলিছে পথচাৰীসকলক ৷ চিকিৎসালয়খনৰ গাতে লাগি থকা জাৱৰৰ দম পচি দুৰ্গন্ধময় পৰিৱেশ উদ্ভৱ হোৱাত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হৈছে তীব্ৰ ভাবুকি ৷ কিন্তু ইয়াৰ পিছতো এই সমস্যা সমাধানৰ বাবে কাণসাৰ নাই স্থানীয় বজাৰ সমিতিৰ লগতে জন প্ৰতিনিধিৰ ৷ এই জাৱৰৰ দমে উদঙাইছে প্ৰধানমন্ত্ৰী গৰাকীৰ স্বচ্ছ ভাৰত অভিযান আঁচনিৰ প্ৰকৃত ছবিখন ৷

স্বচ্ছ ভাৰত অভিযান আঁচনিৰ নগ্ন স্বৰূপ

লগতে চাওকঃ দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যশৱন্ত সিঙৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.