ETV Bharat / state

নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থীৰ প্ৰতিবাদ - নামভৰ্তিৰ আবেদন

দলগাঁৱস্থিত খাৰুপেটীয়া মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ প্ৰতিবাদেৰে উত্তাল কৰি তোলে একাংশ প্ৰতিবাদকাৰীয়ে ৷ বহু শিক্ষাৰ্থীক নামভৰ্তিৰ পৰা বঞ্চিত কৰাৰ বাবেই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ দল-সংগঠনে ৷

নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থীৰ প্ৰতিবাদ
author img

By

Published : Jun 22, 2019, 9:05 PM IST

দলগাঁও, 22 জুনঃ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদত বন্ধ হৈ পৰে খাৰুপেটীয়া মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ ৷ একাংশ শিক্ষাৰ্থীক নামভৰ্তিৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে ৷

নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থীৰ প্ৰতিবাদ

উল্লেখ্য যে, স্নাতক মহলাত নামভৰ্তিৰ বাবে 1419খন প্ৰ-পত্ৰ বিতৰণ কৰিছিল যদিও পৰৱৰ্তী সময়ত আঠশগৰাকী শিক্ষাৰ্থীৰ নামভৰ্তি হ'ব বুলি ঘোষণা কৰে ৷ ফলত ক্ষুদ্ধ হৈ পৰে একাংশ শিক্ষাৰ্থীৰ লগতে শিক্ষাৰ্থীসকলৰ অভিভাৱক ৷ ইয়াৰ প্ৰতিবাদতে এইদৰে মহাবিদ্যালয়খনৰ মুল প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে বঞ্চিত শিক্ষাৰ্থীসকলে ৷ উল্লেখ্য যে, বিগতো বৰ্ষটো মহাবিদ্যালয়খনৰ স্নাতক শাখাত নামভৰ্তিৰ পৰা বঞ্চিত হৈছিল প্ৰায় ছশ শিক্ষাৰ্থী ৷

Intro:::বিভিন্ন অৰাজনৈতিক সংগঠনৰ প্ৰতিবাদ খাৰুপেটীয়াত ।
## খাৰুপেটীয়া মহাবিদ্যালয়ৰ মূল গেটত এই প্ৰতিবাদ ।
##বঞ্চিত ছাত্র ছাত্ৰীৰ নাম ভৰ্তিৰ দাবীত
উত্তাল প্ৰতিবাদ ।

Body:দলগাও / ২২ জুন

দৰঙৰ খাৰুপেটীয়া মহাবিদ্যালয়ৰ মুল প্ৰবেশ দ্বাৰত কেইবাটাও অ- ৰাজনৈতিক সংগঠনৰ আৰু ছাত্ৰ ছাত্ৰী সকলে শনিবাৰে কৰিলে উত্তাল প্ৰতিবাদ। নামভৰ্তিৰ পৰা বঞ্চিত হোৱা ছাত্র ছাত্ৰী সকলে আমছু ,সংখ্যালঘু সংগ্ৰাম পৰিষদ , ইত্তেহাদ ফ্ৰন্ট, মুছলিম ছাত্ৰ সন্থা আদিকে ধৰি কেইবাটাও অ-ৰাজনৈতিক সংগঠনৰ সহযোগত কৰিলে এই প্ৰতিবাদ।মহাবিদ্যালয় খনত শ্নাতক মহলাত নাম ভৰ্ত্তিকৰণৰ বাবে কৰ্তৃপক্ষই ১৪১৯ টা প্ৰ-পত্ৰ বিতৰণ কৰে যদিও কলেজ কৰ্তৃপক্ষই কেৱল ৮০০ জন ছাত্র ছাত্ৰীক নাম ভৰ্ত্তি কৰা হব বুলি ৰাজহুৱা কৰাৰ পিছত ক্ষুদ্ধ হৈ পৰে ছাত্ৰ ছাত্ৰী তথা বিভিন্ন দল সংগঠন । শনিবাৰে বঞ্চিত হোৱা ছাত্ৰ ছাত্ৰীক নাম ভৰ্ত্তীকৰণৰ দাবীত বিভিন্ন অৰাজনৈতিক দল সংগঠনে কলেজৰ মুল প্ৰবেশ দ্বাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে মঙ্গলদৈ আৰু দলগাও সমষ্টিৰ বৃহত্তৰ অঞ্চলত থকা একমাত্ৰ মহাবিদ্যালয় খনত শ্নাতক মহলাত সীমিত আসন থকাৰ বাবে বিগত বৰ্ষতো নামভৰ্তিৰ পৰা বঞ্চিত হবলগীয়া হৈছিল ৬০০ ৰো অধিক ছাত্র ছাত্ৰী । চলিত বৰ্ষত কোনো ছাত্ৰ ছাত্ৰী যাতে বঞ্চিত নহয় তাৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ।Conclusion:অবশেষত মহাবিদ্যালয়ৰ অধ্যক্ষই আমছু , সংগ্ৰাম পৰিষদ , মুছলিম ছাত্ৰ সন্থা ,ইত্তেহাদ ফ্ৰন্ট আদি সংগঠনৰ নেতৃত্ব আৰু বঞ্চিত ছাত্ৰ ছাত্ৰীক নাম ভৰ্তি সন্দৰ্ভত আশ্বাস প্ৰদান কৰাত তলা বন্ধ কাৰ্য্যসূচী স্থগিত কৰে বিভিন্ন সংগঠন সমূহে ।

আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.