ETV Bharat / state

ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰা শিক্ষকৰ বিৰুদ্ধে খাৰুপেটিয়াত প্ৰতিবাদ - student protest against teacher

দেওবাৰে খাৰুপেটিয়াৰ অচিনতলা হাইস্কুলৰ প্ৰধান শিক্ষক মনোহৰ বাদশ্বাহক কঠোৰ শাস্তি প্ৰদানৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিলে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে শিক্ষকগৰাকীৰ বিৰুদ্ধে ৷

খাৰুপেটীয়াত প্ৰতিবাদ
খাৰুপেটীয়াত প্ৰতিবাদ
author img

By

Published : Jul 26, 2020, 6:43 PM IST

দলগাঁও, 26 জুলাই: সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত ২৩ জুলাইত ৰঙাঘৰৰ আলহী হৈছিল, খাৰুপেটিয়াৰ অচিনতলা হাইস্কুলৰ প্ৰধান শিক্ষক মনোহৰ বাদশ্বাহ ৷ বৰ্তমান দৰং আৰক্ষীয়ে অভিযুক্ত প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তদন্ত ৷ কিন্তু তদন্ত অব্যাহত থকাৰ সময়তে অভিযুক্ত শিক্ষকগৰাকীৰ বিৰুদ্ধে পোহৰলৈ আহিছে আন কিছুমান ন ন তথ্য ৷

ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰা শিক্ষকৰ বিৰুদ্ধে খাৰুপেটীয়াত প্ৰতিবাদ

অভিযোগ অনুসৰি, অচিনতলা হাইস্কুলৰ অভিযুক্ত শিক্ষক গৰাকীয়ে অতি কৌশলেৰে আত্মসাৎ কৰিছে হিতাধিকাৰী ছাত্ৰ-ছাত্ৰীৰ ধন ৷ ছাত্ৰ বৃত্তি দিয়াৰ নামৰ শিক্ষকগৰাকীয়ে হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰি আহিছে 500 ৰ পৰা 1000 পৰ্যন্ত টকা ৷ কেৱল এয়াই নহয়,তেওঁ অতি কৌশলেৰে ছাত্ৰ-ছাত্ৰী সকলৰ পৰা বেংকৰ উকা ফৰ্মত চহী আৰু আঙুলিৰ চাপ লৈ লাখ লাখ টকা আত্মসাৎ কৰিছে ৷ এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰ-ছাত্ৰীসকলে ৷ উল্লেখ্য যে বিদ্যালয়খনত অধ্যয়নৰত অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ৷ জলপানি লাভৰ আশাত কোনোমতে টকাৰ যোগাৰ কৰি তেওঁলোকে প্ৰদান কৰিছিল প্ৰধান শিক্ষকগৰাকীক ৷ কিন্তু প্ৰধান শিক্ষকৰ এনে দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পাচতে দেওবাৰে, শিক্ষকজনক ইয়াৰ বাবে কঠোৰ শাস্তি প্ৰদানৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী শিক্ষাৰ্থী সকলে ৷ লগতে তেওঁলোকৰ প্ৰাপ্য ধন আদায়ৰ বাবে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায় ৷

লগতে পঢ়ক: সংখ্যালঘু বৃত্তিৰ ধন আত্মসাৎ কৰা অচিনতলা হাইস্কুলৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.