মঙলদৈ, 18 মে‘ : দৰং জিলাৰ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা চুৰি হৈছিল দুগৰাকী নাৰ্চৰ মোবাইল । কৰ'ণা ভাইৰাছৰ সৈতে চলা যুদ্ধত ব্যস্ত থকা নাৰ্ছ ও শাৰী নগল মোবাইল চোৰৰ পৰা । মোবাইল কাষত থৈ কৰ্তব্যত ব্যস্ত আছিল দুগৰাকী নাৰ্ছ ।
তেনে সময়তে জাহানাৰা বেগম আৰু ফাটিমা বেগম নামৰ নাৰ্চ দুগৰাকীৰ দুয়োটা মোবাইল উক্ত স্থানৰ পৰা চোৰে লৈ উধাও হয় ৷
পৰৱৰ্তী সময়ত মঙলদৈ থানাৰ নগৰীয়া বিভাগে তদন্ত কৰি জীবেশ ডেকা নামৰ এজন যুৱকৰ পৰা উদ্ধাৰ কৰে মোবাইল দুটা ।ইতিমধ্যে জীবেশ ডেকাক কৰায়ত্ব কৰি জেল হাজোঁতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : লক ডাউন: বৃহৎ লোকচানৰ সন্মুখীন নগাঁৱৰ মীন পালক