ETV Bharat / state

Squirrel threatening the rural economy : কেৰ্কেটুৱাৰ উৎপাতত মূৰে কপালে হাত দিছে গ্ৰামাঞ্চলৰ কৃষকে - জাকে জাকে কেৰ্কেটুৱা

কেৰ্কেটুৱাই খাস্তাং কৰিছে বাৰীৰ তামোল, নাৰিকল, কৰ্দৈ, বগৰী আদি (Squirrel threatening the rural economy)। হাহাকাৰ পৰিস্থিতিত গ্ৰামাঞ্চলৰ কৃষক ।

কেৰ্কেটুৱাৰ উৎপাতত মূৰে-কপালে হাত দিছে গ্ৰামাঞ্চলৰ কৃষকে
Squirrel threatening the rural economy
author img

By

Published : Jan 7, 2023, 2:26 PM IST

খাৰু‌পেটীয়াত গ্ৰামীণ অৰ্থনীতিলৈ ভাবুকি কঢ়িয়াইছে কেৰ্কেটুৱাই

দলগাঁও , ৭ জানুৱাৰী : খাৰু‌পেটীয়াত গ্ৰামীণ অৰ্থনীতিলৈ ভাবুকি কঢ়িয়াইছে কেৰ্কেটুৱাই (Squirrel threatening the rural economy)। ক্ষুদ্ৰ প্ৰাণীবিধে খাৰুপেটীয়াৰ বিভিন্ন অঞ্চলৰ উদ্যান শস্যৰ প্ৰতি বৰ্তমান প্ৰধান ভাবুকি স্বৰূপ হৈ পৰাত গ্ৰাম্য অৰ্থনীতিলৈ কঢ়িয়াই আনিছে ভাবুকি । সমান্তৰালভাৱে ভীষণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে গ্ৰামাঞ্চলৰ কৃষকসকল ৷

বিগত কেইবাটাও বছৰ ধৰি গ্ৰামাঞ্চলত এইবিধ প্ৰাণীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত হা-হুমুনিয়াহ‌ কাঢ়ি দিন পাৰ কৰিবলগীয়া হৈছে উদ্যান শস্যৰ কৃষকসকলে । উল্লেখযোগ্য যে, খাৰুপেটীয়াৰ বিভিন্ন অঞ্চল আজিৰ পৰা এটা দশকমান আগলৈকে নাৰিকল ,তামোল উৎপাদনত যথেষ্ট চহকী আছিল । বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন গাঁৱৰ বহু পৰিয়াল নাৰিকল তামোল আদি বিক্ৰী কৰি বুজন পৰিমাণৰ ধন উপাৰ্জন কৰি আৰ্থিক সকাহ লাভ কৰিবলৈ সক্ষম হৈছিল ।

কিন্তু পৰিতাপৰ বিষয় যে গ্ৰামাঞ্চলৰ প্ৰায় সংখ্যক পৰিয়ালৰ তামোল বাৰীত এতিয়া জাকে জাকে কেৰ্কেটুৱা । এই ক্ষুদ্ৰ প্ৰাণী বিধে বাৰীৰ তামোল আৰু গছৰ নাৰিকল খাই খাস্তাং কৰাৰ ফলত দুয়োবিধ উদ্যান জাতীয় শস্য বিক্ৰী কৰাটো দূৰৰে কথা, অধিকসংখ্যক কৃষকে কিনি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । বাৰীৰ দুই এবিধ ফল, পাচলি, বগৰী, কৰ্দৈ আদি বিক্ৰী কৰি বহু পৰিয়াল আৰ্থিক ভাৱে লাভবান হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত অৰিহণা যোগায় আহিছিল । এইবিধ প্ৰাণীয়ে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত বৰ্তমান হেঙাৰ হৈ পৰা পৰিলক্ষিত হৈছে ।

দ্ৰুতগতিত বংশ বৃদ্ধি হোৱা কেৰ্কেটুৱাই মাত্ৰ তামোল আৰু নাৰিকল অনিষ্ট কৰিয়েই ক্ষান্ত থকা নাই । কেৰ্কেটুৱাই নাৰিকল, তামোলৰ লগতে ধ্বংস যজ্ঞ চলাইছে গ্ৰামাঞ্চলৰ বিভিন্ন পাচলিৰ ওপৰতো । বাৰীত থকা অমিতা, ওৰহী, বেঙেনা, বগৰী, কৰ্দৈ টেঙা আদি খায় ব্যাপক অনিষ্ট কৰা পৰিলক্ষিত হৈছে । ক্ষুদ্ৰ হ’লেও বৰ্তমান গ্ৰাম্য কৃষকক ত্ৰাহিমধুসূদন সোঁৱৰাইছে এইবিধ বন্য প্ৰাণীয়ে ৷

কেৰ্কেটুৱাৰ ধ্বংস যজ্ঞৰ পৰা ফচল ৰক্ষাৰ বিজ্ঞানসন্মত কোনো ব্যৱস্থা নথকাত মুৰে কপালে হাত দিবলগীয়া ‌হৈছে গ্ৰামাঞ্চলৰ কৃষক । প্ৰাণীবিধৰ ধ্বংস যজ্ঞত অদুৰ ভৱিষ্যতে নাৰিকল আৰু তামোল দুৰ্লভ হৈ পৰিব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে গ্ৰামাঞ্চলৰ কৃষকসকলে । সময় থাকোতে কোনো বিজ্ঞানসন্মত পদ্ধতি তথা অন্য পৰিত্ৰাণৰ অন্য উপায় বিচাৰি উলিয়াবলৈ চৰকাৰ তথা কৃষি বিভাগসলৈ কাতৰ অনুৰোধ জনাইছে ভুক্তভোগী কৃষকসকলে ৷

লগতে পঢ়ক : Fire incident in Majuli: অগ্নিকাণ্ডত জাহ গ’ল এখন ঘৰৰ ভৰাঁল, গোহালি সকলো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.