দৰং, ৬ মে': দৰঙৰ বালিপোতাৰ তাঁতিচুৱাত আয়োজিত চৰণধৰা আঞ্চলিক যোগী শাখা সমাজৰ অষ্টাদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ শুক্ৰবাৰে সামৰণি পৰে (Session of Charandhara Yogi Shakha Samaj)। দৰং জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ বালিপোতাৰ তাঁতিচুৱাত চৰণধৰা আঞ্চলিক যোগী শাখা সমাজৰ অষ্টাদশ দ্বি-বাৰ্ষিক অধিৱেশনখনি দুদিনীয়াকৈ ৪ আৰু ৫ মে'ত অনুষ্ঠিত হয় তাঁতিচুৱা মহাপুৰুষীয়া নামঘৰ প্ৰাঙ্গণত ।
৪ মে'ত প্ৰথম দিনৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে ৰূপায়ণ কৰে তাঁতিচুৱা মহাপুৰুষীয়া নামঘৰৰ দেউৰী ধৰণীধৰ চহৰীয়াই (Session of Charandhara Yogi Samaj at Darrang) । আনহাতে, প্ৰতিনিধি আদৰণি কাৰ্যসূচী আৰম্ভ কৰে তাঁতিচুৱা মহাপুৰুষীয়া খেল সমাজৰ সভাপতি তৰুণ শইকীয়া আৰু সম্পাদক ভূপেন নাথে । তদুপৰি দানপাত্ৰ উন্মোচন কৰে দৰং জিলা যোগী সন্মিলনীৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধৰ্মকান্ত শইকীয়াই । বিষয় বাচনি সভা অনুষ্ঠিত হয় সভাখনি উদ্বোধন কৰে চৰণধৰা আঞ্চলিক যোগী শাখা সমাজৰ প্ৰাক্তন সভাপতি হৰকুমাৰ নাথে । এই বিষয় বাচনি সভাখনত সঞ্চালনা কৰে চৰণধৰা আঞ্চলিক যোগী শাখা সমাজৰ সভাপতি প্ৰৱন নাথে।
৫ মে' অৰ্থাৎ দ্বিতীয় দিনৰ কাৰ্যসূচী পুৱা সামূহিক চাফাই,পতাকা উত্তোলন,বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে বৈষ্ণৱ সন্ত সমাজৰ জেষ্ঠ্য ভকত নৰেশ্বৰ নাথে আৰু আদৰণি সমিতিৰ সভাপতি প্ৰফুল্ল নাথে । আনহাতে,বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে অৱসৰপ্ৰাপ্ত অভিযন্তা কৃষি বিভাগৰ সুৰেণ নাথে । ইপিনে,ভাগৱত পাঠ,আয়তী নাম ,প্ৰীতি ভোজনৰ পিছতে দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত চৰণধৰা আঞ্চলিক যোগী শাখা সন্মিলনৰ সভাপতি পৱন নাথৰ সভাপতিত্ব মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান খনি উদ্বোধন কৰে চৰণধৰা আঞ্চলিক যোগী শাখা সমাজৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল মেধিয়ে । এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই অসমৰ নাথ যোগী উন্নয়ন পৰিষদৰ অধ্যক্ষ বেনুধৰ নাথে ।
ইপিনে,নিদ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেণ নাথে (Assam Pradeshik Yogi Sammelan)। তদুপৰি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰমেশ নাথে (Khagarijan College)। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই দৰং জিলা যোগী সন্মিলনীৰ সভাপতি চক্ৰধৰ নাথ,সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া,সদৌ অসম নাথ যোগী জাতীয় পৰিষদৰ সম্পাদক ধণমনি শইকীয়াই (Darrang District Yogi Sammelan)।
তদুপৰি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে চৰণধৰা আঞ্চলিক যোগী শাখা সমাজৰ প্ৰাক্তন সম্পাদক ফণীধৰ নাথ, দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ সম্পাদক নৱ শইকীয়া, দৰং জিলা যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক কিৰণ নাথ, ভূড়াৰগড় গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰীতিশ্ৰী নাথ, লক্ষীমপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী মামণি শইকীয়া, লক্ষীমপুৰ গাঁও পঞ্চায়তৰ সদস্যা মামণি চহৰীয়া, ভূড়াৰগড় গাঁও পঞ্চায়তৰ সদস্যা গুণেশ্বৰী নাথ, লক্ষীমপুৰ সমবায় সমিতি লিমিটেডৰ সভাপতি দানেশ্বৰ ডেকা, প্ৰাক্তন ছাত্ৰ নেতা তথা বিশিষ্ট সমাজকৰ্মী ক্ষিতীন্দ্ৰ শৰ্ঊ, দৰং জিলা সুত সন্মিলনীৰ সাধাৰণ সম্পাদক অতুল চন্দ্ৰ ডেকা,কোচ ৰাজবংশী সন্মিলনীৰ বালিপোতা শাখাৰ সভাপতি প্ৰফুল্ল চহৰীয়া,নাথ যোগীৰ উপগ্ৰহীয় দাবী সমিতিৰ সভাপতি দুম্বৰোধৰ নাথ, সম্পাদক ভিমজ্যোতি নাথৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়াই । তেওঁলোকে নাথ যোগী জাতিটো আগবঢ়াই যোৱাৰ ক্ষেত্ৰত বিভিন্ন গঠন মূলক বক্তব্য আগবঢ়াই । বিষয় বাচনি সভাত হৰকুমাৰ নাথক সভাপতি আৰু ধৰ্মকান্ত শইকীয়াক সাধাৰণ সম্পাদক লৈ চৰণধৰা আঞ্চলিক যোগী শাখা সমাজৰ ৩১ জনীয়া নতুন সমিতি গঠন কৰা হয় ।
লগতে পঢ়ক:Srinivas BV case : শ্ৰীনিৱাসৰ আবেদন নৰজিল; যিকোনো মুহূৰ্ততে হ’ব পাৰে গ্ৰেপ্তাৰ