মঙলদৈ, ১৭ জুলাইঃ তৎকালীনভাৱে বলৱৎ হোৱাকৈ দৰঙ জিলাত জাৰি কৰা হৈছে 144 ধাৰা ৷ দৰঙৰ জিলা দণ্ডাধীশে জিলাখনত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ প্ৰতি লক্ষ্য ৰাখিয়েই 144 ধাৰা কৰিছে বুলি জানিবলৈ দিয়ে ৷
![Section 144 issued in Darang district by the District Magistrate](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8066760_506_8066760_1594995099231.png)
এই ধাৰা অনুসৰি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো ধৰণৰ শোভাযাত্ৰা,ধৰ্ণা তথা পথ অৱৰোধ কৰিব নোৱাৰিব ৷ ইয়াৰ উপৰি উপায়ুক্তৰ কাৰ্যালয়ত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ বা কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত অনাৱশ্যকীয় সমাগম বা ধৰ্ণা অনুষ্ঠিত কৰা, ৫জন বা ততোধিক ব্যক্তি কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ ৰাজহুৱা স্থানত বা ৰাষ্ট্ৰীয় ঘাইপথত সমাগম কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷
ইপিনে সাম্প্ৰদায়িক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা শোভাযাত্ৰা,সভা,প্ৰতিবাদী সভা,ধৰ্ণা,ৰেলী অনুষ্ঠিত কৰাৰ লগতে ৰাজহুৱা স্থানত ব্যক্তি বা দলৰ দ্বাৰা মাৰণাস্ত্ৰ,লাঠি,চোকা অস্ত্ৰ-শস্ত্ৰ, ধনু-কাড়,ডেগাৰ-তৰোৱাল,ত্ৰিশূল আদি লৈ ফুৰা আৰু প্ৰদৰ্শন কৰাটো নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷
আনহাতে,কৰ্তৃপক্ষৰ অনুমতি অবিহনে মাইকৰ ব্যৱহাৰ কৰা, কোনো ব্যক্তি বা কাৰ্যালয়ৰ প্ৰাংগণ, গুদাম ঘেৰাও কৰা, ৰাজহুৱা স্থানত সভা,ৰেলী আয়োজন কৰা, চৰকাৰী গৃহ, বেৰত পোষ্টাৰ লিখনৰ উপৰিও জিলাখনলৈ অথবা জিলাখনৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈকে সকলো ধৰণৰ ফেৰী , নাও আৰু ভটভটী চলাচল আৰু অত্যাধিক বোজা কঢ়িওৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
উল্লেখযোগ্য যে,অসামৰিক লোকে সামৰিক পোছাক পৰিধানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা প্ৰযোজ্য হ'ব। এই নিষেধাজ্ঞা অমান্য কৰা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ ইফালে,সমগ্ৰ জিলাতে পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত ১৪৪ ধাৰা বাহাল থাকিব বুলিও উল্লেখ কৰিছে জিলা দণ্ডাধীশে।
লগতে পঢ়কঃ ক'ভিড-19ত আক্ৰান্ত বিধায়কৰ পুত্ৰ