ETV Bharat / state

মঙলদৈত দিব্যাংগৰ মাজত সামগ্ৰী বিতৰণ - mangaldoi sainik bhawan news wheel chair distribution

মঙলদৈ সৈনিক ভৱনত দিব্যাংগ আৰু বয়োজ্যেষ্ঠ লোক সকলৰ মাজত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ ৷ বৃহস্পতিবাৰে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত অনুষ্ঠিত সামাজিক অধিকাৰিতা শিবিৰত সামগ্ৰীসমূহ বিতৰণ কৰা হয় ৷

samajik adhikarita shibir organized at managaldoi
মঙলদৈত দিব্যাংগৰ মাজত সামগ্ৰী বিতৰণ
author img

By

Published : Dec 11, 2020, 9:24 AM IST

মঙলদৈ , 10 ডিচেম্বৰ: সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বৃহস্পতিবাৰে মঙলদৈত দিব্যাংগ আৰু বয়োজ্যেষ্ঠ লোকৰ মাজত মটৰ চালিত ট্ৰাইচাইকেল, মটৰ চালিত হুইল চেয়াৰ, হিয়াৰিং এইডচ আৰু যন্ত্ৰ সংযোগী লাখুটি বিতৰণ কৰা হয় ৷

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনJ ALIMCO, Kanpur ৰ উদ্যোগত আৰু জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগ, দৰঙৰ সহযোগত মঙলদৈৰ সৈনিক ভৱনত আয়োজিত সামাজিক অধিকাৰিতা শিবিৰত এই সামগ্ৰী সমূহ বিতৰণ কৰা হয় ৷

মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, উপায়ুক্ত দিলীপ কুমাৰ বৰা, অতিৰিক্ত উপায়ুক্ত বিজয় ভাস্কৰ ৰেড্ডিকে ধৰি সমাজ কল্যাণ বিভাগ আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া উপস্থিত থকা এই সভাত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী থাৱৰচন্দ্ৰ গেহলট ভিডিঅ' কনফাৰেন্সযোগে উপস্থিত থাকে ৷

গেহলটে তেওঁৰ ভাষণত দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে বিশদ বিৱৰণ দাঙি ধৰে ৷ এই অনুষ্ঠানত ADIP, CSR আৰু ৰাষ্ট্ৰীয় ব্যৱোশ্ৰী যোজনাৰ অধীনত মুঠ 25 গৰাকী হিতাধিকাৰীৰ মাজত ট্ৰাইচাইকেল, হুইল চেয়াৰ আৰু অন্যান্য সামগ্ৰী সমূহ বিতৰণ কৰা হয় ৷

লগতে পঢ়ক:আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অনুষ্ঠিত হোৱা এখন 'ছেমি ফাইনেল' বিটিচি নিৰ্বাচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.