ETV Bharat / state

Women Protest at Mangaldoi: অন্তঃসত্বা মহিলাৰ হত্যাকাৰীক শাস্তিৰ দাবীত ধৰ্ণা - অন্তঃসত্বা মহিলাৰ মৃতদেহ উদ্ধাৰ

শুকুৰবাৰে খান্দাজানৰ ননৈ নৈত উদ্ধাৰ হোৱা অন্তঃসত্বা মহিলাৰ মৃত্যুৰ তদন্তৰ বাবে প্ৰতিবাদত বহিল সদৌ অসম সাংস্কৃতিক মহিলা মঞ্চ ৷ হত্যাৰ লগত জড়িত শহুৰেক আৰু শাহুৱেকক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী সংগঠনটোৰ ৷

Sadou Asom Mahila Mancha Protest at Mangaldoi
অন্তঃসত্বা মহিলাৰ হত্যাকাৰীৰ ন্যায় বিচাৰি মহিলাৰ ধৰ্ণা
author img

By

Published : Nov 4, 2022, 6:36 PM IST

মঙলদৈ, 4 নৱেম্বৰ: কিছুদিন পূৰ্বে ধূলাত এগৰাকী কিশোৰীৰ হত্যাৰ ঘটনা গাপ দিবলৈ চেষ্টা কৰা ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা গ্ৰেপ্তাৰ হোৱাৰ ঘটনা মাৰ নৌযাওঁতেই জিলাখনত পুনৰ এক নৃশংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে ৷

অন্তঃসত্বা মহিলাৰ হত্যাকাৰীৰ ন্যায় বিচাৰি মহিলাৰ ধৰ্ণা

কিছুদিন পূৰ্বে ছিপাঝাৰ থানাৰ অন্তৰ্গত খান্দাজানৰ ননৈ নৈত উদ্ধাৰ হৈছিল এগৰাকী অন্তঃসত্বা মহিলাৰ মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো মনীষা ডেকাৰ আছিল । উল্লেখযোগ্য যে, মঙলদৈৰ অধিকাৰী গাঁৱৰ জীয়াৰী মনীষা ডেকাক ছিপাঝাৰৰ গোপালপুৰৰ দীপাংকৰ ডেকাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ৷

তাৰ কিছুদিন পাছতেই স্বামী দীপাংকৰে পত্নী মনীষা ডেকাৰ ওপৰত অকৰ্থ্য নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰে অধিকাৰী গাঁৱৰ ৰাইজে । ইয়াৰ পিছতেই, ২৭ অক্টোবৰত নিৰুদ্দেশ হৈছিল মনীষা ডেকা ৷ প্ৰায় চাৰিদিন অৰ্থাৎ ৩০ অক্টোবৰত খান্দাজানৰ ননৈ নৈত উদ্ধাৰ হৈছিল মনীষাৰ মৃতদেহ (Woman body found from Nanoi river) ৷ ঘটনা সংঘটিত হোৱাৰ সময়ত মনীষা অন্তঃসত্বা আছিল ৷

এই ঘটনা সংঘটিত হোৱাৰ পিছতেই মনীষা ডেকাক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে বৃহত্তৰ অধিকাৰী গাঁৱৰ ৰাইজে ৷ ইতিমধ্যে মনীষা ডেকাৰ পিতৃ গৃহৰ পৰিয়ালে মনীষা ডেকাৰ শহুৰ-শাহু আৰু স্বামী দীপাংকৰ ডেকাৰ বিৰুদ্ধে ছিপাঝাৰ আৰক্ষী থানাত (Sipajhar police station) এখন এজাহাৰ দাখিল কৰে ৷

ইয়াৰ পিছেতে মনিষা ডেকাৰ স্বামী দিপাংকৰ ডেকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । পিছে এই পৰ্যন্ত ঘটনা সন্দৰ্ভত মনীষা ডেকাৰ শহুৰেক আৰু শাহুৱেকক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত ছিপাঝাৰ আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও জুৰা কাণ্ড দেখি শুকুৰবাৰে অধিকাৰী গাঁৱৰ সদৌ অসম সাংস্কৃতিক মহিলা সংগঠনে মঙলদৈ চহৰত হত্যাকাণ্ডৰ উচিত ন্যায় বিচাৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Sadou Asom Mahila Mancha Protest) ৷

প্ৰশাসনে এই ঘটনাটো এক পৰিকল্পিত হত্যাকাণ্ডৰ বিপৰীতে আত্মহত্যাৰ ৰূপ দিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে সদৌ অসম সাংস্কৃতিক মহিলা মঞ্চই ৷ মনিষাৰ পৰিয়ালৰ লগতে এই প্ৰতিবাদী দলটোৱে মনীষা ডেকাৰ হত্যাৰ লগত জড়িত শহুৰেক আৰু শাহুৱেকক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: Moral policing: ধূপধৰাত গছত বান্ধি পুৰুষ-মহিলাক প্ৰহাৰ একাংশ লোকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.