ETV Bharat / state

খাৰুপেটীয়াত ভয়াৱহ পথ দুৰ্ঘটনা

author img

By

Published : Oct 18, 2019, 11:54 PM IST

তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন ৷

খাৰুপেটীয়াত ভয়াৱহ পথ দুৰ্ঘটনা: এজন নিহত

খাৰুপেটীয়া, 18 অক্টোবৰ: শুকুৰবাৰে নিশা দৰং জিলাৰ খাৰুপেটীয়াত সংঘটিত হ'ল এক ভয়াৱহ দুৰ্ঘটনা ৷ তীব্ৰ বেগত থকা এখন ট্ৰাকৰ খুন্দাত ছিন্ন-ভিন্ন হৈ থিতাতে নিহত হ'ল এজন লোক ৷ ঘটনাৰ বিৱৰণী অনুসৰি খাৰুপেটীয়া টাউনৰ পৰা ছাৰোৱাৰ আলম আৰু পাছান আলী নামৰ দুজন যুৱক দৈনিক বজাৰৰ কাৰ্য সমাপন কৰি ঘৰলৈ আহি থকা অৱস্থাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত নিমতলী দলঙৰ ওপৰত বিপৰীত দিশৰ পৰা অহা তীব্ৰ বেগী ট্ৰাকে ছাৰোৱাৰ আলমক মহতিয়াই নিয়ে ফলত ঘটনাস্থলীতে মৃত্যুমুখত পৰে ছাৰোৱাৰ আলম আৰু গুৰুতৰভাৱে আহত হয় পাছান আলী ৷ দুৰ্ঘটনাৰ পাছতে আহত পাছান আলীক খাৰুপেটীয়া আৰক্ষীয়ে ততাতৈয়াকৈ খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে লগতে নিহত ছাৰোৱাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই তীব্ৰবেগী ট্ৰাকখন গুৱাহাটীৰ দিশে পলায়ন কৰে ৷

তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন

Intro:Slug= Kharupetia_Accident_
Byte= Public

## দৰঙৰ খাৰুপেটীয়াত ভয়াবহ পথ দূৰ্ঘটনা #
## :তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহিত এজন । আহত ১

Body:

দলগাও / ১৮ অক্টোবৰ

দৰঙৰ খাৰুপেটীয়াৰ ১৫ নং ৰাষ্টীয় ঘাইপথত আজি সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা ৷ জানিব পৰা মতে খাৰুপেটীয়া টাউনৰ পৰা ছাৰোৱাৰ আলম(১৮)আৰু পাছান আলী নামৰ যুবক দুজন বজাৰ কৰি ঘৰলৈ আহি থকা অবস্থাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিমতলী দলঙৰ ওপৰত বিপৰীত দিশৰ পৰা অহা তীব্ৰ বেগী ট্ৰাক এখনে খুন্দিয়াই ফলত থিতাতে ছাৰোৱাৰ আলমৰ মৃত্যু হয় ৷আন এজন গুৰুতৰ ভাবে আহত হয় ৷ আহত হোৱা যুবক জনক খাৰুপেটীয়া আৰক্ষীয়ে ততাতৈয়াকৈ খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ সমান্তৰালভাৱে নিহত হোৱা যুৱক জনক মৰনোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে ৷

Conclusion: ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই গুৱাহাটী মুখী তীব্ৰবেগী ট্ৰাকখন পলায়ন কৰে ।

আব্দুল হাকিম
দলগাও ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.