চামগুৰি, 18 জুন: শনিবাৰে গৃহ সমষ্টি চামগুৰিত উপস্থিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী উপ দলপতি ৰকিবুল হুছেইন । চামগুৰিৰ বাঘবৰালিত এটি ক্ষুদ্ৰ জলসিঞ্চনৰ প্ৰকল্প উদঘাটন কৰি গৃহ সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে বিজেপি চৰকাৰৰ বিৰুদ্ধে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷
বিগত 15 জুনত ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ কংগ্ৰেছৰ সদস্য তথা বিষয়ববীয়াসকলে কৰা গণতান্ত্ৰিক আন্দোলন (APCC protest at Guwahati Rajiv Bhawan) প্ৰতিৰোধ কৰিবৰ বাবে ঘটনাস্থলীত উপস্থিত নথকাৰ পাছতো ৰকিবুল হুছেইন, ৰাণা গোস্বামী আৰু নৰুল হুদাৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে আৰক্ষীয়ে ভুৱা গোচৰ তৰিছে বুলি তেওঁ মন্তব্য কৰে ৷
লগতে ঘটনাৰ সন্দৰ্ভত এগৰাকী অনা অসমীয়া আৰক্ষী বিষয়াই কৰা টুইটত ৰহস্য সোমাই আছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ ইয়াৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক AIUDF লৈ নিমন্ত্ৰণ জনোৱানাৰ সন্দৰ্ভত AIUDF প্ৰধান বদৰুদ্দিন আজমলক কুৰুচি সম্পন্ন ব্যক্তি আখ্যা দিয়ে বিধায়কগৰাকীয়ে ৷
লগতে চৰকাৰৰ ভুৱা গোচৰৰ বিপৰীতে বিধায়ক ৰকিবুলে কেইবাটাও সঁচা গোচৰ তৰিবলৈ দিহা কৰাৰ হুংকাৰ প্ৰদান কৰে চৰকাৰক ৷ ইয়াৰ লগতে নিৰ্বাচনত হৰা-জিকা এইবোৰ বিচাৰ কৰাতকৈ বৰদোৱাত যি সকলৰ ঘৰ ভাঙিছে তথা বৰদোৱাৰ নিষ্পাপ শিশু কেইটাৰ ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব তাক জনাবলৈ আহ্বান জনায় ৰকিবুল হুছেইনে ।
লগতে পঢ়ক: কালিয়েই নদীবান্ধৰ পানী এৰি আজিহে অসমক জনালে ভূটানে