দলগাঁও,৩ এপ্ৰিল : দলগাঁৱৰ ৰুহিনীকাষ গাওঁ, গধাইঝাৰ গাঁৱৰ লগতে কেইবাটাও অঞ্চলত আতংকৰ সৃষ্টি কৰি আহিছিল দুটাকৈ গঁড়ে ৷ গঁড় দুটাৰ খবৰ পাই DFO সন্দীপ বিড্ডী , জিলা অতিৰিক্ত উপায়ুক্ত বিজয় ভাস্কৰ ৰেড্ডী, দলগাঁও আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ এটা বৃহৎ দল উপস্থিত হয় ৷ তদুপৰি গুৱাহাটী চিৰিয়াখানাৰ পৰা অহা এটা বিশেষজ্ঞ দলে গঁড় কেইটা সেই স্থানৰ পৰা খেদি পঠিয়াবলৈ চেষ্টা কৰে ৷

কিন্তু খেদিবলৈ সফল নহয় ৷ অৱশেষত কেইবা ঘন্টাৰ অন্তত ট্ৰেংকুলাইজ কৰে গধাইঝাৰ গাঁৱত মাকৈ খেতি পথাৰত থকা এটা গঁড়ক । ইফালে ৰুহিনীকাষ গাঁৱত থকা আন এটা গঁড় বাতৰি লিখাৰ পৰলৈকে ট্ৰেংকুলাইজ কৰা নাই বুলি সদৰি কৰিছে বিশেষজ্ঞ দলে ।

উল্লেখ্য যে, শনিবাৰে পুৱতি নিশাৰ পৰা জন বসতিপূৰ্ণ অঞ্চল দলগাঁৱত জংচেৰ আলি নামৰ এজন শিক্ষক এই গঁড়ৰ আক্ৰমণত গুৰুতৰভাবে আহত হয় । আহত শিক্ষকজনক ততাতৈয়াকৈ সংকট জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ গঁড় দুটা খাদ্যৰ সন্ধানত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰে ।
